ভোগৰ ভোগজৰা লৈ অসমীয়াৰ পদূলিমুখ পালেহি মাঘ বিহু৷ অসমীয়াৰ বাপতিসাহোন ভোগালী তথা মাঘ বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যাপক প্ৰস্তুতি চলাৰ সমান্তৰালকৈ দ্বীপজিলা মাজুলীৰ গাঁওসমূহৰ লগতে ঐতিহ্য বহন কৰা সত্ৰসমূহতো চলিছে ভোগালীক আদৰাৰ ব্যাপক আয়োজন।
ভোগৰ উৎসৱ ভোগালী মানেই যেন এক পৰম আনন্দৰ উৎসৱ৷ শস্য চপোৱাৰ পিছত উদং হৈ পৰা কৃষক ৰাইজৰ আশা-ভৰসাৰ থলী পথাৰসমূহত এতিয়া মাথোঁ মাঘ বিহুৰ প্ৰস্তুতি ৷ বৰ্তমান সময়ত আধুনিকতাৰ মায়াজালত পৰি বাপতিসাহোন উৎসৱটিৰ কেতবোৰ ঐতিহ্য-পৰম্পৰা আৰু সংস্কৃতিত ঘুণে ধৰিছে যদিও এই বিহুৰ উৎসাহ-উদ্দীপনা আজিও হ্ৰাস পোৱা নাই অসমীয়াৰ মাজত ৷ সেয়ে এতিয়া অতি হেঁপাহৰ ভোগালী বিহুটিক আদৰিবলৈ সাজু হৈছে সৰ্বস্তৰৰ জনতা৷ যাৰ ফলস্বৰূপে গ্ৰামাঞ্চলৰ প্ৰতিখন ঘৰতে এক উখল-মাখল পৰিৱেশ উদ্ভৱ হোৱাৰ বিপৰীতে মুকলি পথাৰৰ মাজত দৃশ্যমান হৈছে অসমীয়া কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ অনুশীলন।
সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ মাজুলীৰো প্ৰান্তে প্ৰান্তে এতিয়া ল’ৰাৰ পৰা বুঢ়ালৈকে সকলো ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক আদৰাৰ বাবে। মাঘ বিহুৰ অবিচ্ছেদ্য অংগ হ’ল মেজি আৰু ভেলাঘৰ। মেজিৰ কাষত ভেলাঘৰৰ সৌন্দৰ্যই সুকীয়া। সৌন্দৰ্যবৰ্ধনৰ লগতে পৰম্পৰা ধৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে মাজুলীৰ প্ৰতিখন গাঁৱৰ যুৱকসকলে । দিন-ৰাতি একাকাৰ কৰি গাঁৱৰ সকলো যুৱক-যুৱতীয়ে সদলবলে পথাৰৰ নৰা আৰু বাৰীৰ পৰা কেঁচা বাঁহ, কাঠ কাটি আনি সাজি উলিয়াইছে ভেলাঘৰ। বিভিন্ন প্ৰান্তত পথৰ কাষতে অতি সুন্দৰকৈ সাজি উলিওৱা ভেলাঘৰবোৰ চাবলৈ জনতাৰ ভিৰ হোৱাও পৰিলক্ষিত হৈছে।
বিহুলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত ব্যস্ততাৰ যেন অন্ত নাই গাঁৱৰ জীয়ৰী-বোৱাৰীৰ মাজত। ঢেঁকীৰ শব্দত ৰজনজনাইছে প্ৰতিটো চুবুৰি। অতিথিক আপ্যায়ন কৰিবলৈ পিঠা-পনা, জা-জলপান, চিৰা-মুড়ী, লাড়ু আদি বনোৱাত ব্যস্ত হৈ পৰিছে গৃহিণীসকল। মুঠৰ ওপৰত অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ লগত নিবিড় সম্পৰ্ক জড়িত হৈ থকা ভোগালীক আদৰিবলৈ ৰাজ্যৰ লগতে এতিয়া মাজুলীবাসীয়েও প্ৰস্তুতি তুংগত তুলিছে।
ৰূপজ্যোতি বৰা, নতুন বজাৰ, ১১ জানুৱাৰী :