এশ পঁচিশ বছৰ গৰকা এখন কালীপূজা। পূজা উপলক্ষে লোকে লোকাৰণ্য হৈ পৰিল পূজাথলী |নগৰবেৰাৰ মেধিপাৰা শগুণবাহীৰ ৰাইজে মিলি আয়োজন কৰিছে এই বাৰ্ষিক কালীপূজা | আজি পুৱাৰে পৰা কেইবাসহস্ৰ ভক্তিপ্ৰাণ ৰাইজে মাৰ আশিস ল’বলৈ সমৱেত হয় |
পূজাথলীত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নগৰমল স্বৰ্গীয়াৰীকে আদি কৰি বহু বিশিষ্ট ব্যক্তিৰ আগমন ঘটে | পূজাথলীৰ প্ৰৱেশদ্বাৰৰ ৰঙাফিতা কাটি শুভ উদ্বোধন কৰে নগৰমল স্বৰ্গীয়াৰীয়ে | আয়তীৰ উৰুলি, ঢাক, শংখ, নাম-প্ৰসংগেৰে মুখৰিত হৈ পৰে পূজাথলী |
স্মৰ্তব্য যে পৰম্পৰাগতভাৱে গাঁওবাসীয়ে উদযাপন কৰা শ্ৰীশ্ৰী কালীমাইৰ পূজাখনে এইবেলি ১২৫ বছৰত পদাৰ্পণ কৰিছে | লোকবিশ্বাস অনুসৰি এই কালী মন্দিৰত মাৰ শ্ৰীচৰণত সেৱা নিবেদিলে ভক্তৰ মনোকামনা সিদ্ধি হয় আৰু সেই প্ৰবাদতে অঞ্চলবাসীৰ লগতে বহু দূৰণিবটীয়া ৰাইজৰ সমাগত ঘটে মাঘ মাহৰ প্ৰতি অমাৱস্যা তিথিত |
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৮ জানুৱাৰী