নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আটাইতকৈ বেছি বৰষুণ হোৱা মৌচিনৰামত অস্বাভাৱিকভাৱে হ্রাস গড় বৃষ্টিপাত

নিউজ ডেস্ক, ১৮ জানুৱাৰী : পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই মেঘালয়ৰ মৌচিনৰাম৷ কিন্তু বায়ু প্রদূষণৰ ফলত অঞ্চলটোত হ্রাস পাইছে বৃষ্টিপাতৰ পৰিমাণ৷

বিজ্ঞানীসকলৰ বিশ্লেষণ অনুসৰি, এটা দশকত মৌচিনৰামত বার্ষিক বৰষুণৰ পৰিমাণ ১৪০০ মিলিমিটাৰ কমিছে৷ পূর্বে মৌচিনৰামত বার্ষিক বৰষুণৰ পৰিমাণ আছিল ১০,২০০ মিলিমিটাৰ৷ বিজ্ঞানীসকলে দাবী কৰা মতে, সম্প্রতি অঞ্চলটোৰ বার্ষিক বৰষুণৰ পৰিমাণ হৈছে ৮,৮০০ মিলিমিটাৰ৷ ধূলি, জৈৱিক সামগ্রী দাহন, বায়ুবাহিত কণা, যান–বাহনৰ পৰা ওলোৱা কণা আদিৰ ফলত এটা দশকত অঞ্চলটোত এৰ’ছলৰ পৰিমাণ প্রায় ১৫ শতাংশ বৃদ্ধি পাইছে৷

বৰষুণ অহাৰ বাবে ডাৱৰ সৃষ্টি প্রক্রিয়াত এৰ’ছল কণাবোৰৰ ভূমিকা যথেষ্ট আছে৷ যোৱা বছৰ জহকালত ভাৰতসহ দক্ষিণ এছিয়াৰ বায়ুমণ্ডলত কিছু পৰিমাণে জমা হয় জলীয় বাষ্প আৰু এৰ’ছল কণা৷ এৰ’ছলে কিদৰে মৌচিনৰাম চহৰৰ বৰষুণক প্রভাৱিত কৰে সেই সন্দর্ভত নতুন দিল্লীৰ ৰাষ্ট্রীয় ভৌত গৱেষণাগাৰৰ প্রধান বিজ্ঞানী তথা এৰ’ছল বিশেষজ্ঞ সুমিত মিত্রই গৱেষণা কৰি কয় যে বংগোপসাগৰৰ পৰা অহা জলীয় বাষ্পৰ কাৰণে চহৰখনত বৰষুণ হয়৷ কিন্তু প্রদূষণে জলীয় বাষ্প অহাৰ পথত বাধাৰ সৃষ্টি কৰে৷ ইফালে, অঞ্চলটোত উষ্ণতাৰ হাৰ ০.৫ৰ পৰা ০.০৭ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পাইছে৷

You might also like