বর্ষাপাৰাত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয় টি–২০
ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয়খন টি–২০ মেচৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিছে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ আজি নিশা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই হাইভল্টেজ মেচখনক লৈ ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনাৰ সৃষ্টি হৈছে৷
কালি বিয়লি টীম ইণ্ডিয়াৰ লগতে নিউজিলেণ্ড দলটো একেলগে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীৰ মাজত খেলখনক লৈ দুগুণ উৎসাহ বৃদ্ধি পাইছে৷ বিশ্বৰ দুটা আগশাৰীৰ দলৰ মাজত গুৱাহাটীত হ’বলগীয়া খেলখনক লৈ ক্রিকেট অনুৰাগীৰ মাজত উৎসাহ–উদ্দীপনা বৃদ্ধি পোৱাৰ লগতে খেলখনৰ বাবে ইতিমধ্যে প্রায় সকলো টিকট বিক্রী হৈছে৷ বর্ষাপাৰাত এখন ৰোমাঞ্চকৰ খেল উপভোগ কৰিব পাৰিব বুলি আশাবাদী অনুৰাগীসকল৷
অসম সন্তান ৰিয়ান পৰাগ দলটোত নাই যদিও অনুৰাগীসকলে আজিৰ মেচখন উপভোগ কৰিবলৈ অধীৰ আগ্রহেৰে বাট চাই আছে৷ ইপিনে, মেচখন আয়োজনৰ বাবে সজাই–পৰাই তোলা হৈছে বর্ষাপাৰা ষ্টেডিয়াম৷ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় দলটোৰ অধিনায়ক সূর্যকুমাৰ যাদৱ আৰু প্রশিক্ষক গৌতম গম্ভীৰে পোনে পোনে বর্ষাপাৰা ষ্টেডিয়ামলৈ ৰাওনা হয়৷
সুকলমে ষ্টেডিয়ামত প্রৱেশ আৰু নিৰাপত্তাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি বিয়লি ৪ বজাৰ পৰা দর্শকৰ বাবে ষ্টেডিয়ামৰ প্রৱেশদ্বাৰ মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে অসম ক্রিকেট সন্থাই৷ টীম ইণ্ডিয়াৰ বিস্ফোৰক অ’পেনাৰ অভিষেক শর্মাৰ লগতে সূর্যকুমাৰ যাদৱ আৰু হার্দিক পাণ্ডিয়াৰ খেল উপভোগ কৰাৰ বাবে অধীৰ আগ্রহেৰে অপেক্ষাৰত অনুৰাগী৷ শৃংখলাৰ প্রথম দুখন মেচত জয়লাভ কৰা ভাৰতীয় দলটোৱে গুৱাহাটীত শৃংখলা দখল কৰাৰ সুৱর্ণ সুযোগ লাভ কৰিছে৷
আজি গুৱাহাটীত হ’বলগীয়া মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে টীম ইণ্ডিয়াই ৩-০ৰ অগ্রগতিৰে পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটো দখল কৰিব৷ শৃংখলাটো দখল কৰি সদ্যসমাপ্ত এদিনীয়া শৃংখলাটোত পৰাজয় হোৱাৰ পোটক তোলাৰো এক সুৱর্ণ সুযোগ লাভ কৰিছে সূর্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷