ঢকুৱাখনা কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱৰ আৰম্ভ
ইতিহাসৰ পাতনিত সোণালী স্বাক্ষৰ বহন কৰি অহা আহোম স্বৰ্গদেউসকলৰ ৰাজত্ব কালৰে পৰা স্বদেশ, স্ব-জাতিৰ কল্যাণার্থে তাই আহোমসকলে অতি শ্ৰদ্ধাৰে পালন কৰি আহিছে মে-ডাম-মে-ফী উৎসৱ।
ঢকুৱাখনা নগৰৰ তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্র অসমৰ উদ্যোগত ঢকুৱাখনা আঞ্চলিক তাই আহোম ছাত্ৰ সন্থা আৰু জ্ঞাতিবৰ্গৰ সহযোগত আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে কেন্দ্ৰৰ প্ৰাঙ্গনত উদযাপন কৰা হৈছে ঢকুৱাখনা কেন্দ্ৰীয় মে-ডাম-মে-ফী উৎসৱ।
শুকুৰবাৰে পুৱা পতাকা উত্তোলনেৰে দুদিনীয়া বৰ্ণিল কাৰ্যসূচী শুভাৰম্ভ কৰে তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰ, অসমৰ সভাপতি প্ৰদীপ চমুৱাই। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা সাহিত্য আৰু পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা উদ্বোধন কৰে ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্ব নাৰায়ণ বুঢ়াগোহাঁইৱে।
ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা আকস্মিক বক্তৃতা, চিত্ৰাংকন আদিৰ লগতে কুকুৰা যুঁজ, ৰচি টনা আদি পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতাত ঢকুৱাখনাৰ কেইবাখনো বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ প্ৰাংগণ মুখৰিত কৰি তোলে।
বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাখনি উদ্ধোধন কৰে গোহাঁইবাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী স্বৰ্ণলতা চমুৱাই। বিকাশ কেন্দ্ৰৰ প্ৰধান সম্পাদক হিতেশ ফুকনে জনোৱা অনুসৰি কাইলৈ দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী মৈদাম তৰ্পণ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত সন্দিকৈয়ে।
ইয়াৰ পাছতে স্বৰ্গদেউ চ্যুকাফাৰ স্থায়ী প্ৰতিমূৰ্তিত পুষ্প মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব বিকাশ কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি হেমন্ত গগৈয়ে। পুৱা ৯-৩০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হব বিকাশ কেন্দ্ৰ প্ৰাঙ্গনৰ পৰা। এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব তাই আহোম উন্নয়ন পৰিষদৰ কাৰ্যকৰী সদস্য যুতিমালা বুঢ়াগোঁহাইয়ে।
দুপৰী়য়া মুখপত্ৰ “বান ফাই” উন্মোচন কৰিব প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। বিয়লিলৈ অনুষ্ঠিত হ’ব লগা মুকলি সভাত মুখ্য অতিথি হিচাপে বিধায়ক নৱ দলে, সাংসদ প্ৰদান বৰুৱা, বিশিষ্ট অতিথি হিচাবে সাংবাদিক এঞ্জেলা চাংমাই, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোঁহাই, নিৰ্দিষ্ট বক্তা হিচাবে ডিম্বেশ্বৰ গগৈকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩০ জানুৱাৰী