নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংগালুৰুত অসমৰ চাৰি যুৱকৰ ৰহস্যজনক মৃত্যু

ডিজিটেল ডেস্ক, ৩১ জানুৱাৰী : বেংগালুৰুত অসমৰ চাৰি যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰে তিনিজন ঢকুৱাখনাৰ আৰু আনজন লখিমপুৰৰ। কৰ্মসূত্ৰে বেংগালুৰুলৈ গৈ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল যুৱককেইজন। আজি পুৱা ভাৰাঘৰত উদ্ধাৰ কৰা হয় অসমৰ যুৱককেইজনৰ মৃতদেহ। একেটা কোঠাতে যুৱককেইজনৰ মৃতদেহ হয়।

উল্লেখ্য যে ঢকুৱাখনাৰ নামনি বৰ্ষামুখৰ তিনি যুৱকৰ নাম ডক্তাৰ টাইড (১৮), ধনঞ্জয় টাইড (২৩) আৰু নিৰেন্দ্ৰ নাথ টাইড (২৩)। আনহাতে আনজন যুৱক লখিমপুৰৰ শ’লমাৰীৰ। লখিমপুৰৰ শ’লমাৰীৰ যুৱকজন নিৰেন্দ্ৰ নাথ টাইড বুলি জানিব পৰা গৈছে। কি পৰিস্থিতিত যুৱককেইজনে একেটা কোঠাত মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। লগতে ঘটনা সন্দৰ্ভত বেংগালুৰুৰ পুলিচ কমিছনাৰৰ লগত কথা পাতিবলৈ অসম পুলিচক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি সন্ধিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘটনা সন্দৰ্ভত আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিছে । সম্পূৰ্ণ সন্মানসহকাৰে আটাইকেইজন যুৱকৰ নিথৰ দেহ ঘৰলৈ শীঘ্ৰেই ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

You might also like