নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তোষ ট্রফীৰ কোৱার্টাৰ ফাইনেললৈ যোগ্যতা অর্জন অসম দলৰ

ঘৰুৱা দল অসমে ৭৯সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্রতিযোগিতাৰ কোৱার্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ গ্রুপ ‘এ’ত স্থান লাভ কৰা অসমে ঢকুৱাখনাৰ বিষ্টুৰাম দলে ক্রীড়া ক্ষেত্রত কালি অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত ডিফেণ্ডিং চেম্পিয়ন পশ্চিমবংগৰ সৈতে মুখামুখি হয়৷

পশ্চিমবংগ দলৰ আকাশ হেমৰামে দলৰ হৈ প্রথমটো গ’ল স্ক’ৰ কৰি দলক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ দ্বিতীয়ার্ধত অসম দলে আক্রমণৰ গতি বৃদ্ধি কৰে আৰু ইয়াৰ ফলাফল ৰূপে ৮৩ মিনিটত বক্সৰ ভিতৰত হোৱা এটা ফাউলৰ বাবে পেনাল্টী লাভ কৰে আৰু অসম দলৰ ঋতুৰাজ মোহনে ইয়াক কার্যকৰী কৰাত মেচখন ১–১ত সমতা স্থাপন হয়৷

পৰৱর্তী সময়ত দুয়োটা দলে গ’ল স্ক’ৰ কৰাৰ বাবে আপ্রাণ চেষ্টা চলায় যদিও শেষ মুহূর্তলৈকে সফলতাৰ মুখ নেদেখিলে৷ ফলত দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰে৷ অসমে ৫খন খেলৰ এখনত জয় আৰু ৩খন ড্র খেলি মুঠ ৬ পইণ্ট লাভ কৰি কোৱার্টাৰ ফাইনেললৈ যোগ্যতা অর্জন কৰে৷ আনহাতে, পশ্চিমবংগ দলে মুঠ ১১ পইণ্টেৰে গ্রুপ ‘এ’ৰ শীর্ষস্থানৰ দল হিচাপে যোগ্যতা অর্জন কৰে৷

নিয়মীয়া বার্তা, ধেমাজি, ৩১ জানুৱাৰী :

You might also like