ধুবুৰী জিলাৰ গৌৰীপুৰৰ এখন আৱাসিক মাদ্ৰাছাৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগত ৰাইজে মৌলবী এগৰাকীক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে।
অভিযোগ অনুসৰি, যোৱানিশা গৌৰীপুৰৰ সাহেবগঞ্জ বানাত (ছোৱালী) মাদ্ৰাছাৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰীক মাদ্ৰাছাখনৰেই মৌলবী মোকতাৰ হোসেনে দিছিল অশ্লীল প্ৰস্তাৱ। জানিব পৰা মতে, ছাত্ৰীগৰাকীয়ে ভয়-ভাবুকিৰ পিছতো ভণ্ড মৌলবীগৰাকীৰ নিশাৰ অশালীন প্ৰস্তাৱ মানিবলৈ অস্বীকাৰ কৰে আৰু মাদ্ৰাছাখনৰ কাষতে থকা এঘৰক ঘটনা সন্দৰ্ভত অৱগত কৰে।
বিষয়টো অৱগত হৈ ক্ষুব্ধ স্থানীয় ৰাইজে মৌলবী মোকতাৰ হোসেনক আটক কৰি গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাজান আৰক্ষী চকীত গতাই দিয়ে। উল্লেখ্য যে ঘটনাটো গাপ দিবলৈ এটা বিশেষ চক্ৰই চেষ্টা চলাই থকা বুলিও চৰ্চা চলিছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৩১ জানুৱাৰী :