নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে পুৱাই শ্ৰীভূমিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত, আহত ১৬

শ্ৰীভূমি জিলাৰ শ্ৰীগৌৰী বজাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৬জন যাত্ৰী আহত হৈছে। শনিবাৰে পুৱা প্ৰায় ৫.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। হোজাইৰ ৰাজা বজাৰ গাঁৱৰ পৰা শ্ৰীভূমিৰ বজাৰঘাটলৈ যোৱাৰ বাবে চাংৰাং ট্ৰেইনেৰে যাত্ৰা কৰি শনিবাৰে পুৱা বদৰপুৰ ৰে’ল ষ্টেচনত উপস্থিত হয়। তাৰ পিছত তেওঁলোকে এখন যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ী ভাৰাত লৈ বজাৰঘাটলৈ যোৱাৰ পথত শ্ৰীগৌৰী বজাৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

শ্ৰীভূমিৰ দিশৰ পৰা তীব্ৰগতিত আহি থকা এখন ডাম্পাৰ গাড়ীৰ বদৰপুৰৰ পৰা অহা যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ীখনৰে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত ট্ৰেভেলাৰ গাড়ীখন পথৰ তলত বাগৰি পৰে ।

গুৰুতৰভাৱে আহত যাত্ৰীসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি তৎক্ষণাত শ্ৰীগৌৰী চিকিৎসালয়লৈ লৈ যায়। চিকিৎসাধীন অৱস্থাত শ্ৰীগৌৰী হাস্পতালত তপন বিশ্বাসৰ মৃত্যু হয় আৰু শিলচৰ মেডিকেল কলেজলৈ নিয়াৰ পথতে নিৰদ দাসে মৃত্যুবৰণ কৰে। কৰ্তব্যৰত চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত আহতসকলক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

আহতসকলৰ মাজত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। খবৰ পাই বদৰপুৰ থানাৰ অ’চি তৰংগ পাটোৱাৰী আৰু ট্ৰেফিক ইনচাৰ্জ সুজিত সিনহা ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত দুয়োখন গাড়ী বদৰপুৰ থানালৈ লৈ যায় আৰু আহতসকলক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

নিয়মীয়া বাৰ্তা, শ্ৰীভূমি, ৩১ জানুৱাৰী :

You might also like