নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সংসদত কেন্দ্রীয় বাজেট দাখিল নির্মলা সীতাৰমণৰ, বিত্তমন্ত্ৰীৰ বাজেট ভাষণ আৰম্ভ

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : বিত্তমন্ত্রী নির্মলা সীতাৰমণে আজি লোকসভাত দাখিল কৰিব ২০২৬–২৭ বিত্তীয় বর্ষৰ কেন্দ্রীয় বাজেট৷ বিত্তমন্ত্রী সীতাৰমণে আগন্তুক বিত্তীয় বর্ষৰ মূল অর্থনৈতিক পৰিসংখ্যা আৰু চৰকাৰৰ উন্নয়নমূলক পৰিকল্পনাসমূহ দাঙি ধৰিব৷ নিম্ন সদনত বাজেট দাখিলৰ পিছত ৰাজ্যসভাত দাখিল কৰা হ’ব বাজেটৰ প্রতিলিপি৷ ২০১৯ চনত বাজেট ধার্য কৰাৰ পিছত নির্মলা সীতাৰমণে একেৰাহে নৱমবাৰৰ বাবে সদনত দাখিল কৰিব কেন্দ্রীয় বাজেট৷ এইখন প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয় কার্যকালৰ তৃতীয়খন বাজেট৷

সংসদত বাজেটখন সম্পূর্ণ হোৱাৰ পিছতে ম’বাইল এপ আৰু ৱেবছাইটত বাজেটৰ নথি–পত্র উপলব্ধ হ’ব৷ কেন্দ্রীয় বাজেট দাখিল কৰাৰ পিছত বিত্তমন্ত্রী নির্মলা সীতাৰমণে দেশৰ প্রায় ৩০জন কলেজীয়া শিক্ষার্থীৰ সৈতে মত বিনিময় কৰিব৷ ২০২৬ চনৰ বাজেট প্রস্তুত কৰাৰ পূর্বে বিত্তমন্ত্রী সীতাৰমণে অর্থনীতিবিদ, ট্রেড ইউনিয়ন, শিক্ষা আৰু স্বাস্থ্যখণ্ড, এমএছএমই, বাণিজ্য আৰু সেৱা, উদ্যোগ, বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ বিশেষজ্ঞ তথা প্রতিনিধিকে ধৰি যথেষ্টসংখ্যক অংশীদাৰীৰ সৈতে আলোচনাত মিলিত হয়৷ সমান্তৰালভাৱে কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানেও বাজেটৰ পূর্বে কৃষি আৰু গ্রামোন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশৰ বিস্তৃত আলোচনা অনুষ্ঠিত কৰি বিত্তমন্ত্রীক পৰামর্শ সংকলিত প্রতিবেদন দাখিল কৰিছে৷

এই বাজেট প্রস্তুত কৰাৰ সময়ছোৱাত বিভিন্ন মঞ্চৰ সৈতে জড়িত যুৱক–যুৱতীকে ধৰি নাগৰিকসকলৰ পৰা বিভিন্ন ইনপুট বিচৰা হৈছে৷ এই ইনপুটসমূহ আজি দাখিল হ’বলগীয়া ২০২৬–২৭ বর্ষৰ কেন্দ্রীয় বাজেটত প্রতিফলিত হ’ব৷ এইবাৰৰ বাজেটত মূলতঃ উৎপাদন, প্রতিৰক্ষা, নৱীকৰণযোগ্য শক্তি, এমএছএমই আৰু অটোখণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ আশা কৰা হৈছে৷ বাজেটত ভাৰতৰ বিকাশ আৰু উন্নয়নক ত্বৰান্বিত কৰিবলৈ সকলো খণ্ড আৰু মন্ত্রালয়লৈ পর্যাপ্ত পুঁজি আবণ্টন দিয়াৰ ধাৰণা কৰা হৈছে৷ এইবাৰৰ বাজেটত নগৰ উন্নয়ন, কৃত্রিম বুদ্ধিমত্তা, ইলেক্ট্র’নিক্স, ৰে’ল আৰু কৃষিৰ সৈতে জড়িত কেতবোৰ বিষয়ে প্রাধান্য পোৱাৰ সম্ভাৱনা আছে৷

ভাৰতৰ ওপৰত আমেৰিকাৰ শুল্ক চাপ আৰু চুবুৰীয়া দেশসমূহৰ ৰাজনৈতিক উত্তেজনাৰ দৰে বাহ্যিক প্রভাৱৰ বিপৰীতে সন্তুলন বজাই ৰাখিবলৈ আগন্তুক বাজেটত বিকাশৰ সমর্থন, আত্মনির্ভৰশীলতা বর্তাই ৰাখিবলৈ এক বিস্তৃত ৰূপৰেখা দাঙি ধৰাৰ সম্ভাৱনা আছে৷ সেয়া হ’লেও আজি দাখিল হ’বলগীয়া বাজেটে ২০৪৭ চনৰ বিকশিত ভাৰতৰ দিশত যাত্রা কিদৰে ত্বৰান্বিত কৰিব সেয়া লক্ষণীয় হ’ব৷ আজি পুৱা ১১ বজাৰ লগে লগে সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণ আৰম্ভ হয়।

You might also like