চামগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ
চামগুৰি সমষ্টিত কেবাটাও কাৰ্যসূচী লৈ উপস্থিত থাকে বিধায়ক দিপ্লুৰঞ্জন শৰ্মা। বিধায়কজনে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। কংগ্ৰেছৰ আৰু ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত বিধায়কজনে কয়- কংগ্ৰেছে লব জানে কিন্তু দিব নাজানে।কংগ্ৰেছত সকলো ৰাজপুত্ৰ।
অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক পদে পদে অপমান কৰে গৌৰৱ গগৈয়ে। কংগ্ৰেছত সকলো অত্যন্ত অহংকাৰী। কংগ্ৰেছৰ ডিএনএত পৰিয়ালবাদী চৰিত্ৰ আৰু সামন্তযুগীয় অত্যাচাৰী ৰজাৰ আচৰণ কংগ্ৰেছত আছে, যাৰ বাবে পদে পদে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ অপমান হৈ আহিছে। কিয়নো কংগ্ৰেছে কেৱল ব্যক্তিগত এজেণ্ডা আৰু ক্ষমতা দখলৰ বাবে মিত্ৰতা কৰে। সন্মান আৰু পাৰস্পৰিক বুজাবুজিৰ মিত্ৰতা নকৰে।
ৰকিবুল হুছেইনে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্যক শুকুৰ আলীৰ লগত তুলনা কৰি সমালোচনা কৰি বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাই কয়- কংগ্ৰেছৰ বৰ্তমান কোনো সংগঠন নাই। ১৫-২০খন আসনত সীমাবদ্ধ হৈ থাকিব কংগ্ৰেছ দল। চামগুৰিতো কংগ্ৰেছৰ সংগঠন নাই।
অসমক লৈ কংগ্ৰেছৰ কোনো পৰিকল্পনা নাই। বিজেপিৰ উন্নয়নমূলক কামৰ বিৰোধিতাহে কৰিছে গৌৰৱ গগৈয়ে। অবৈধ অনুপ্ৰৱেশকাৰীক কষ্ট দিয়াটো সকলোৰে দায়িত্ব। চামগুৰি সমষ্টিৰ কাৱৈমাৰীত এই মন্তব্য বিধায়ক দিপ্লু ৰঞ্জন শৰ্মাৰ।
বিজেপি আৰু এজিপিৰ মিত্ৰতা কেৱল নিৰ্বাচনকেন্দ্ৰিক মিত্ৰতা নহয়, অসমৰ জাতি মাটি ভেটি ৰক্ষা কৰাৰ মিত্ৰতা। চামগুৰিত যাকেই প্ৰাৰ্থী দিয়ে এনডিএ হিচাপে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে তেওঁ।
নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২ ফেব্ৰুৱাৰী