নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়গাঁও মহাবিদ্যালয়ক স্বায়ত্তশাসিত কলেজৰ মৰ্যাদা প্ৰদান UGC-ৰ

বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ক ইউ.জি.চি.ৰ ২০২৩ চনৰ নিয়মাৱলীৰ আধাৰত অহা দহ বছৰৰ বাবে অৰ্থাৎ শিক্ষাবৰ্ষ ২০২৫-২৬ৰ পৰা ২০৩৫-৩৬লৈ স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদান কৰিছে।

এই বতৰা লাভ কৰাৰ পাছতেই মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, ছাত্র-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই এই প্রাপ্তি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্যৰ লগতে শুভাকাংক্ষীসকলৰ সন্মিলিত প্ৰচেষ্টাৰ ফল বুলি অভিহিত কৰি কয় যে, স্বায়ত্তশাসিত মৰ্যাদাই মহাবিদ্যালয়খনক শৈক্ষিক আৰু আৰ্থিক স্বাধীনতা প্ৰদান কৰিব তথা মহাবিদ্যালয়খনৰ উন্নয়নৰ পথ অধিক প্ৰশস্ত কৰিব।

তেওঁ এই প্ৰক্ৰিয়াত বিশেষ সহযোগ আগবঢ়োৱাৰ বাবে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিমান চন্দ্ৰ বৰুৱা, উপাধ্যক্ষ দিগন্ত কোঁৱৰ, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিৎ শ‌ইকীয়াৰ লগতে অধ্যাপক ড° নীলোৎপল চুতীয়া, ড° শ্যামলীমা শইকীয়া, মুখ্য কাৰ্যালয় সহায়ক বিজু ফুকন আৰু সৌৰভ হাজৰিকালৈ বিশেষ ধন্যবাদ জনায়।

উল্লেখ্য যে আহোম ৰাজত্বৰ পীঠস্থান গড়গাঁৱৰ বুকুত ১৯৫৯ চনৰ ৭ ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনে প্ৰতিষ্ঠা কালৰেপৰা অসমৰ শৈক্ষিক, বৌদ্ধিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি সকলোবোৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়াই আহিছে। সম্প্ৰতি কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ অন্তৰ্গত সোতৰটা বিভাগে স্নাতক পাঠ্যক্ৰম, ছটা বিভাগে স্নাতকোত্তৰ পাঠ্যক্ৰম, বহুকেইটা দক্ষতা-ভিত্তিক পাঠ্যক্ৰম আগবঢ়াই অহা মহাবিদ্যালয়খনে উচ্চ শিক্ষাৰ প্ৰসাৰ তথা সৰ্বভুক্ত শৈক্ষিক-বৌদ্ধিক উত্তৰণত দায়িত্ব পালন কৰি আহিছে।

তথ্য প্ৰযুক্তিসম্পন্ন তথা স্মাৰ্ট শ্ৰেণীকোঠা, ভাষা গৱেষণাগাৰ, বিজ্ঞানাগাৰ, ছাত্ৰাবাস, ছাত্ৰীনিৱাস, প্ৰেক্ষাগৃহ, সভাগৃহ, আলোচনা কক্ষ, আধুনিক সা-সুবিধা সম্বলিত কেন্দ্ৰীয় পুথিভঁৰাল, ইনডৰ ষ্টেডিয়াম, আধুনিক ব্যায়ামাগাৰ আদিৰে আন্তঃগাঁথনিগত দিশৰপৰাও যথেষ্ট উন্নত মহাবিদ্যালয়খনে শেহতীয়াকৈ ‘নাক’ (NAAC) ৰ দ্বাৰা সম্পাদিত চতুৰ্থ চক্ৰৰ মূল্যায়ন প্ৰক্ৰিয়াত ‘এ গ্ৰেড’ লাভ কৰিবলৈ সক্ষম হৈছে।

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২ ফেব্ৰুৱাৰী

You might also like