নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্রিক পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বত এলপি-ইউপিৰ শিক্ষক

ডিজিটেল ডেস্ক, ৫ ফেব্রুৱাৰী : চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাৰ বাবে অপ্রাদেশীকৃত, ভেঞ্চাৰ বা বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষকক নিৰীক্ষক হিচাপে নিযুক্তি দিব নোৱাৰিব৷ অর্থাৎ ২০২৬ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বৰ বাবে কোনো কাৰণতে অপ্রাদেশীকৃত, ভেঞ্চাৰ বা বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষকক নিৰীক্ষকৰ দায়িত্ব দিয়া নহ’ব৷ এই সন্দর্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে সংশ্লিষ্ট পৰীক্ষা কেন্দ্রসমূহৰ ভাৰপ্রাপ্ত বিষয়াসকললৈ এক নির্দেশনা জাৰি কৰিছে৷

নির্দেশনাটোত প্রাদেশীকৃত প্রাথমিক বিদ্যালয়ৰ অভিজ্ঞ শিক্ষকৰ জৰিয়তে নিৰীক্ষৰ অভাৱ পূৰণ কৰিবলৈ জনোৱা হৈছে৷ পৰিষদৰ মণ্ডল ১ৰ সচিবগৰাকীয়ে পৰীক্ষা কেন্দ্রৰ ভাৰপ্রাপ্ত বিষয়াসকললৈ দিয়া নির্দেশনাত উল্লেখ কৰে যে ২০২৬ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাৰ বাবে নির্দেশাৱলীৰ ভাগ (খ)ৰ (ড) নং পইণ্ট (পৃষ্ঠা নং ১১)ত উল্লেখ থকা অনুসৰি নিৰীক্ষকৰ নাটনি হ’লে বিদ্যালয়সমূহৰ পৰিদর্শকৰ দ্বাৰা অপ্রাদেশীকৃত/ভেঞ্চাৰ/বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা পৰীক্ষা নিৰীক্ষক নিযুক্তি দিয়াৰ যি ব্যৱস্থা আছিল সেই ব্যৱস্থা বাতিল কৰা হৈছে৷ গতিকে ২০২৬ বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বৰ বাবে কোনো কাৰণতে অপ্রাদেশীকৃত, ভেঞ্চাৰ, বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষকক নিযুক্তি দিব নোৱাৰিব৷

নির্দেশনাটোত কোৱা হৈছে যে নিৰীক্ষকৰ নাটনি হ’লে সংশ্লিষ্ট জিলাৰ জিলা প্রাথমিক শিক্ষা বিষয়াৰ সৈতে আলোচনা কৰি প্রাদেশীকৃত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ অভিজ্ঞ শিক্ষকক নিযুক্তি দি সেই অভাৱ পূৰণ কৰিব পাৰিব৷ উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেচৰকাৰী বা অপ্রাদেশীকৃত বিদ্যালয়ৰ শিক্ষকে নিৰীক্ষকৰ দায়িত্ব পালন কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিল৷ মূলতঃ পৰীক্ষা কেন্দ্রৰ পৰা প্রশ্ণকাকত ফাদিল ৰোধ কৰা, পৰীক্ষাত সংঘটিত অনিয়ম ৰোধ কৰাৰ বাবেই মুখ্যমন্ত্রীয়ে এই ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি সদৰী কৰিছিল৷

স্মর্তব্য যে অহা ১০ ফেব্রুৱাৰীৰ পৰা ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১১ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা৷ উল্লেখ্য যে চলিত বর্ষৰ মেট্রিক পৰীক্ষাতে প্রথমবাৰৰ বাবে নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ শিক্ষকসকলক পৰীক্ষাৰ নিৰীক্ষক হিচাপে নিযুক্তি দিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে৷ আশা কৰা হৈছে এই ব্যৱস্থাৰ জৰিয়তে পৰীক্ষাত হোৱা অনিয়ম ৰোধ কৰিব পৰা যাব৷

You might also like