সমাগত নির্বাচনী যুদ্ধৰ পূর্বে অহা ১৪ ফেব্রুৱাৰীত মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত নামিব যুদ্ধ বিমান ‘ৰাফেল’৷ এই ৰাফেলৰ লগতে যুদ্ধ বিমান ছুখয়, মিৰেজ, হাৰকিউলিছ, তেজছ আদি বিমান অৱতৰণ কৰাৰ কথা৷ যদিও এই পর্যন্ত নিশ্চিত তথ্য পোৱা হোৱা নাই, ইয়াৰ বাবে মৰাণৰ গজপুৰীয়াৰ কিছু নিলগৰ পৰা মৰাণৰ খটখটীলৈ ফ’ৰলেনৰ দুয়োকাষে সকলো বাঁহগছ, তামোল গছ কাটি পেলোৱা হৈছে৷ ইতিমধ্যে মৰাণৰ ১২৭নং ৰাষ্ট্রীয় ঘাইপথৰ চাৰিলেনযুক্ত পথত ভাৰতীয় বায়ুসেনাৰ উত্তৰ–পূর্বাঞ্চলৰ প্রথমটো জৰুৰীকালীন অৱতৰণৰ সুবিধা থকা অংশৰ প্রায় ৯ কিলোমিটাৰ পথৰ দুয়োপাৰে ওখ লোহাৰ ফেঞ্চিং দিয়াৰ কামো শেষ কৰা হৈছে৷
নৱগঠিত খোৱাঙৰ (মৰাণ) বিধায়ক চক্রধৰ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ১৪ ফেব্রুৱাৰীত এই পথছোৱা উদ্বোধন কৰিব৷ যাতে জৰুৰীকালীন সময়ত সকলো ধৰণৰ যুদ্ধ বিমান, মালবাহী বিমান, অসামৰিক বিমান এই পথত সুকলমে অৱতৰণ কৰিব পাৰে৷ সেয়ে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু বায়ুসেনাৰ প্রত্যক্ষ পৰিদর্শনত এই পথছোৱা নির্মাণ কৰি তোলা হৈছে৷ এনে ব্যৱস্থা, দেশৰ প্রতিৰক্ষাৰ বাবেও এক সুন্দৰ নিদর্শন বুলিও অভিহিত কৰে বিধায়ক চক্রধৰ গগৈয়ে৷
জানিব পৰা অনুসৰি উক্ত দিনা প্রধানমন্ত্রী মোদী যুদ্ধ বিমানত আহি মৰাণৰ চাৰিলেনযুক্ত পথত অৱতৰণ কৰাৰ কথা যদিও বর্তমানলৈ চৰকাৰীভাৱে একো জাননী প্রকাশ কৰা হোৱা নাই৷ এই হাইপ্রফাইল উদ্বোধনৰ সময়ত প্রধানমন্ত্রীৰ বিমানখন প্রায় ৯ কিলোমিটাৰ দীঘল ঘাইপথৰ বিমান পথত অৱতৰণ কৰাৰ সম্ভাৱনা আছে৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিমানখন পোনপটীয়াকৈ মৰাণৰ ঘাইপথত অৱতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও মুখ্যমন্ত্রী শর্মাই উল্লেখ কৰিছিল৷ ৰাফেল আৰু ছুখয়ৰ দৰে যুঁজাৰু বিমানেও মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত অৱতৰণ কৰিব, যাৰ ফলত অসমে ঘাইপথত বিমান অৱতৰণ কৰা ৰাজ্য হিচাপে মর্যাদা লাভ কৰিব৷ ৯৯.৮৬ কোটি টকা ব্যয়েৰে নির্মিত এই ৯ কিলোমিটাৰ দৈর্ঘ্যৰ এই ELFটো ইতিমধ্যে যান–বাহনৰ বাবে মুকলি কৰি দিয়া হৈছে৷ পথৰ এই অংশটো বিশেষভাৱে শক্তিশালীকৈ নির্মাণ কৰা হৈছে, যাতে বিমান অৱতৰণৰ সময়ত হোৱা তীব্র খুন্দা বহন কৰিব পাৰে৷ এই ঘাইপথটো দৈনিক স্বাভাৱিক চাৰিলেনযুক্ত পথ হিচাপে চলি থাকিব যদিও সামৰিক জৰুৰীকালীন অৱস্থা বা অসামৰিক বিপদৰ সময়ত মাত্র কেইমিনিটমানৰ ভিতৰতে ইয়াক বিমানঘাটি হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ বন্ধ কৰি দিব পৰা যাব৷ মানুহ বা জন্তুৰ প্রৱেশ ৰোধ কৰিবলৈ ইয়াৰ দুয়োকাষে ফেঞ্চিং লগোৱা হৈছে আৰু বিমান পৰিচালনাৰ বাবে এটা এয়াৰ ট্ৰেফিক কন্ট্ৰ’ল টাৱাৰো নির্মাণ কৰা হৈছে৷ এই সুবিধাই আঞ্চলিক নিৰাপত্তা আৰু দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্রত এক আমূল পৰিৱর্তন আনিব বুলি ধাৰণা কৰা হৈছে৷
বিশেষ বার্তা, ডিব্রুগড়, ৫ ফেব্রুৱাৰী :