নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিত হ’র্ডিং লগাই মিঞাবিৰোধী অভিযান তীব্রতৰ খিলঞ্জীয়া ঐক্যমঞ্চৰ

ডিজিটেল ডেস্ক, ৭ ফেব্রুৱাৰী : উজনি অসমত তীব্র হৈ উঠিছে মিঞাবিৰোধী অভিযান৷ ৰাষ্ট্রীয় ঘাইপথৰ কাষত মিঞাক আক্রমণ কৰি বিভিন্ন শ্ল’গানেৰে হ’র্ডিং, পোষ্টাৰ লগাই ব্যাপক প্রচাৰ বিভিন্ন দল–সংগঠনৰ৷ উজনি অসমৰ লখিমপুৰ, ডিব্রুগড, যোৰহাট, ধেমাজি, দুলীয়াজানকে আদি কৰি বিভিন্ন অঞ্চলত ৰাস্তাৰ কাষত বৃহৎ বৃহৎ হ’র্ডিং লগাই মিঞাৰ বিৰুদ্ধে সাধাৰণ জনতাক সজাগ কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন দল-সংগঠনে৷

প্রায় বহুসংখ্যক দল-সংগঠনে নিজাববীয়াকৈ বেনাৰ-পোষ্টাৰ লগাই জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে৷ তাকে লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে৷ শিৱসাগৰৰ আমগুৰিত অসমীয়া যুৱ মঞ্চই প্রথমে মিঞাবিৰোধী অভিযান আৰম্ভ কৰিছিল৷ তাৰ পিছতে সজাগ হৈ পৰে বিভিন্ন দল–সংগঠন৷ খিলঞ্জীয়া ঐক্যমঞ্চই ৰাস্তাৰ কাষত বাংলাদেশী মিঞা খেদক জাতি বচাওক, হাতত বিড়ি মুখত পাণ ভাগৌ মিঞা পাকিস্তান, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ মিঞাক খেদ, আছে হেংদাং লোৱা নাই ল’লে হেংদাং মিঞাৰ ৰক্ষা নাই আদি বিভিন্ন শ্ল’গানেৰে হ’র্ডিং লগাই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ লগতে আগন্তুক দিনত মিঞাবিৰোধী অভিযান ইয়াতকৈও ভয়াৱহ হ’ব বুলি সকীয়নি দিয়ে৷

উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত হঠাৎ উজনি অসমত মিঞাৰ বিৰুদ্ধে আৰম্ভ হোৱা এই অভিযানৰ পিছতেই কেইবাখনো জিলাৰ পৰা মিঞা শ্রমিকে পলায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্দেহযুক্ত বাংলাদেশী মিঞাৰ বিৰুদ্ধে ৰাজ্যবাসীক কঠোৰ আৰু সজাগ হ’বলৈ জনোৱা আহ্বানৰ পিছতেই উজনি অসমত একাংশ সংগঠনে আৰম্ভ কৰা মিঞাবিৰোধী অভিযানে যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ খিলঞ্জীয়া যুৱ মঞ্চই উজনিৰ জিলাসমূহত থকা মিঞাক স্থান এৰিবলৈ দিয়া হুংকাৰৰ পিছতেই মিঞা শ্রমিকৰ ওভতনি যাত্রা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে৷

You might also like