নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেঘালয়ৰ কয়লা খনিত নিহত শ্রমিকৰ সংখ্যা ২৫জনলৈ বৃদ্ধি

ডিজিটেল ডেস্ক, ৭ ফেব্রুৱাৰী : অবৈধ কয়লাখনিত সংঘটিত ভয়ংকৰ বিস্ফোৰণে মৃত্যু উপত্যকাত পৰিণত কৰা মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ উমলেং আৰক্ষী চকীৰ অন্তর্গত থাংস্কু এলেকাত অবর্ণনীয় পৰিৱেশ বিৰাজ কৰিছে৷ ৰেট হোল মাইনিঙৰ অভিশপ্ত খনিটোত বর্তমানেও আবদ্ধ হৈ থকাৰ অনুমান কৰা হৈছে শতাধিক দুর্ভগীয়া শ্রমিক৷

এনডিআৰএফ–এছডিআৰএফৰ দলে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ মাজতে ঘটনাস্থলীৰ আশে–পাশে ভিৰ কৰে একাংশ নির্দিষ্ট শ্রমিকৰ আত্মীয়–পৰিয়ালৰ লোকে৷ সংকীর্ণ আৰু গভীৰ সুৰংগত একমাত্র পেটৰ ভাতমুঠিৰ বাবেই নিজৰ জীৱনকো তুচ্ছ কৰি কয়লা খনন কৰিবলৈ গৈ ভূ–গর্ভত আবদ্ধ হৈ পৰা ঘৰৰ মানুহজনক সুকলমে উদ্ধাৰ কৰা তথা সন্ধান বিচাৰি এইসকল লোকে কন্দাকটা কৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে৷

ইয়াৰ মাজতে এনডিআৰএফ–এছডিআৰএফে আন ৭টা অগ্নিদগ্ধ মৃতদেহ কালিৰ দিনটোত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াকে ধৰি বর্তমানপর্যন্ত উদ্ধাৰ হ’ল মুঠ ২৫টা মৃতদেহ৷ এই কথা নিশ্চিত কৰিছে মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্রধান আই নংৰাঙে৷

সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আমি আন ৭টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ৷ ইয়াৰ লগে লগে উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ২৫টালৈ বৃদ্ধি পালে৷ কিন্তু এতিয়ালৈকে ১২টা মৃতদেহহে চিনাক্ত কৰা হৈছে৷ বাকী ১৩টাৰ চিনাক্তকৰণ সম্ভৱ হোৱা নাই৷ তেওঁ সদৰী কৰা অনুসৰি উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ সমান্তৰালভাৱে সকলো ভুক্তভোগীকে যাতে সুকলমে কয়লা খনিটোৰ পৰা উলিয়াই আনিব পৰা যায়, তাৰ বাবে সকলোধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ লগতে চিনাক্তকৰণ প্রক্রিয়া অতি ক্ষিপ্রগতিৰে সম্পন্ন কৰিবলৈও আমি পদক্ষেপ গ্রহণ কৰিছোঁ৷

উল্লেখ্য যে পুৱতি নিশা মাত্রাধিক ডিনামাইট ব্লাষ্টিং কৰাৰ ফলতেই থাংস্কু এলেকাৰ ৰেট হোল মাইনিঙৰ অবৈধ কয়লা খনিটোত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল৷ বিস্ফোৰণৰ তীব্রতা ইমানেই ভয়ংকৰ আছিল যে মুহূর্ততে খনিটোৰ ভিতৰভাগ জুই আৰু ঘন ধোঁৱাই আৱৰি ধৰে৷ পৰিণতিত ভিতৰ ভাগত অক্সিজেনৰ পৰিমাণ যথেষ্ট হ্রাস পোৱাৰ উপৰি সমীপৰ পাহাৰ খহি পৰাত হোৱা ভূমিস্খলনৰ ফলত ওলাই অহাৰ পথ বন্ধ হৈ পৰে৷ আনকি এই ভয়ংকৰ বিস্ফোৰণটোৱে ওচৰতে থকা আন তিনিটা অবৈধ কয়লাখনিকো প্রভাৱান্বিত কৰে৷ এই তিনিওটা কয়লা খনিলৈ সম্প্রসাৰণ হয় জুই আৰু ধোঁৱা৷ আটাইকেইটা কয়লাখনিত কিমানসংখ্যক শ্রমিক আছিল, সেয়া বর্তমানপর্যন্ত নিশ্চিত হোৱা নাই৷

You might also like