নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ কঁপোৱা অভি-নীল কাণ্ডৰ তিনিদিনীয়া শুনানি সম্পন্ন

দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ শেহতীয়াকৈ তিনি দিন ধৰি ধাৰাবাহিক চূড়ান্ত যুক্তিতৰ্ক  আজি সম্পন্ন হয়। পাঁচ ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে তিনি দিন ধৰি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত অভিযোগকাৰী পক্ষৰ এই তিনিদিনীয়া চূড়ান্ত যুক্তি-তৰ্ক চলে। এই গোচৰটোৰ সাক্ষী-বাদীৰ এক দীঘলীয়া শুনানি পৰ্যায় সমাপ্ত হোৱাৰ পিছত তিনি দিন ধৰি চলিছে বাদী-বিবাদী পক্ষৰ যুক্তি-তৰ্কৰ শুনানি পৰ্ব।

নিৰ্দিষ্ট আদালতত ভাৰ্চুৱেল পদ্ধতিত নগাঁও কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৪৫জন অভিযুক্ত আৰু যোৰহাট জুবেনাইল কাৰাগাৰত থকা তিনিজন অভিযুক্তৰ উপস্থিতি নিশ্চিত কৰা হয়। বাদী পক্ষৰ চৰকাৰী অধিবক্তা ক্ৰমে জিয়াউৰ কামাৰ, সুমন চক্ৰৱৰ্তী আৰু ভাস্কৰ দত্তৰ অধিবক্তাৰ দলে আদালতত ভুক্তভোগীসকলৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। অধিবক্তাৰ দলটোৱে আদালতৰ সন্মুখত আইন অনুসৰি আচামীকেইজনৰ চৰম শাস্তিৰ দাবীৰে সবল যুক্তি দাঙি ধৰে। এই গোচৰটোৰ আচামী পক্ষৰ অধিবক্তাসকলেও অভিযুক্তসকলৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে। আজি তিনিদিনীয়া যুক্তি-তৰ্কৰ অন্তত আদালতে পুনৰ শুনানিৰ অন্তিম যুক্তি-তৰ্কৰ বাবে অহা ২৪, ২৬ আৰু ২৭ ফেব্ৰুৱাৰী দিনকেইটা ধাৰ্য কৰিছে।

আজি আদালতত অভিজিত নাথ আৰু নীলোৎপল দাসৰ পিতৃদ্বয় ক্ৰমে অজিত কুমাৰ নাথ আৰু গোপাল চন্দ্ৰ দাস উপস্থিত থাকে। পুনৰ তিনিদিনীয়া শুনানি তথা যুক্তি-তৰ্কৰ পিছত  আদালতে বহু প্ৰতীক্ষিত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

উল্লেখ্য যে সভ্য সমাজক লজ্জানত কৰি আৰু দেশৰ প্ৰচলিত আইন ব্যৱস্থাক উপহাস কৰি বিগত ২০১৮বৰ্ষৰ আঠ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুই প্ৰকৃতিপ্ৰেমী তেজাল যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথক।

স্মৰ্তব্য যে দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ড সন্দৰ্ভত কাৰ্বি আংলঙৰ ডকমকা থানাত ৩৩/২০১৮ নম্বৰত এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছিল ৪৮জনকৈ অভিযুক্তক। তেওঁলোক বৰ্তমান ন্যায়িক জিম্মাত নগাঁও কাৰাগাৰত আছে। প্ৰথম অৱস্থাত ডিফু আদালতত এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল যদিও অভি-নীলৰ পৰিয়ালৰ লেখ আবেদনৰ ভিত্তিত নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতলৈ গোচৰটো স্থানান্তৰ কৰা হৈছিল। বৰ্তমান নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে।

বিশেষ বাৰ্তা, নগাঁও, ৭ ফেব্ৰুৱাৰী :
You might also like