নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত RBI-ৰ বিত্তীয় সাক্ষৰতা সপ্তাহ-২০২৬ আৰম্ভ

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)ৰ বিত্তীয় সাক্ষৰতা সপ্তাহ ২০২৬ তিনিচুকীয়া জিলাত সোমবাৰৰ পৰা আৰম্ভ হৈছে আৰু ১৩ ফেব্ৰুৱাৰীলৈ চলি থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰতিবছৰ বিত্তীয় সাক্ষৰতা সপ্তাহ পালন কৰে আৰু এই সপ্তাহটোত এক নিৰ্দিষ্ট বিষয়বস্তু থাকে যাৰ উদ্দেশ্য নাগৰিকৰ মাজত বিত্তীয় সজাগতা আৰু দায়িত্বশীল বেংক ব্যৱহাৰৰ অভ্যাস প্ৰচাৰ কৰা।

এই বৰ্ষৰ বিষয়বস্তু হৈছে “KYC, CKYC, একাউণ্টৰ পৰিচ্ছন্নতা আৰু শৃংখলা” ৷ টেগলাইন হৈছে “KYC – Your first step to safe banking”। এই প্ৰচাৰৰ মূল উদ্দেশ্য হৈছে নাগৰিকক বেংকত নিজৰ গ্ৰাহক চিনাক্তকৰণ (KYC) কৰা, কেন্দ্ৰীয় KYC (CKYC), স্বাস্থ্যকৰ বেংকিং প্ৰবৃত্তি আৰু বিত্তীয় শৃংখলাৰ গুৰুত্ব সম্পৰ্কে শিক্ষিত কৰা, যাতে বেংকিং নিৰাপদ আৰু সুৰক্ষিত হৈ থাকে।

বিত্তীয় সাক্ষৰতা সপ্তাহ উদযাপনৰ অংশ হিচাপে ক্রিছিল ফাউণ্ডেশ্যন (CRISIL Foundation)ৰ গুইজান আৰু ছৈখোৱা CFL দলে  ৯ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ তিনিচুকীয়া জিলাৰ গ্ৰাম্য অঞ্চলত ব্যাপক প্ৰচাৰৰ বাবে এখন মোবাইল সজাগতা বাহন প্ৰস্তুত কৰে।

মোবাইল বাহনখন তিনিচুকীয়া জিলাৰ বিভিন্ন গাঁৱলৈ গৈ বিত্তীয় সাক্ষৰতা সপ্তাহৰ বিষয়বস্তুৰ ওপৰত প্ৰচাৰ পত্ৰিকা বিতৰণ আৰু আৰ.বি.আইৰ বিত্তীয় সচেতনতা পোষ্টাৰ প্ৰদৰ্শন কৰি গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা কাৰ্যসূচী চলাব।

মোবাইল বাহনখন আনুষ্ঠানিকভাৱে পতাকা উৰুৱাই শুভাৰম্ভণি কৰে তিনিচুকীয়া (পাঞ্জাব নেচনেল বেংক)ৰ এল. ডি. এম ৰাজেশ পাল আৰু ক্রিছিল ফাউণ্ডেশ্যনৰ এৰিয়া মেনেজাৰ  তাপস কুমাৰ বৰুৱাই।

লগতে তিনিচুকীয়াৰ গুইজান CFL দলৰ দ্বাৰা হাপজান উন্নয়ন খণ্ডৰ অন্তৰ্গত শিলিখা চাহ বাগিছাত এখনি সচেতনতা সভা অনুষ্ঠিত কৰা হয়। সভাখন ক্ষেত্ৰ সমন্বয়ক ময়ুৰী দুৱৰা, গীতিমনি গগৈ চিৰিং, বেবী গগৈ চেতিয়া, কেন্দ্ৰ প্ৰৱন্ধক আৰু জোনালী দাসৰ উপস্থিতিত  অনুষ্ঠিত কৰা হয়।

সভাৰ অংশগ্ৰহণকাৰী সকলক KYC, CKYC, একাউণ্ট পৰিচ্ছন্নতা আৰু শৃংখলা, আৰু সামাজিক সুৰক্ষা আঁচনিসমূহৰ দৰে মুখ্য বিষয়সমূহৰ সন্দৰ্ভত বিতংভাৱে বুজোৱা হয়। গাঁওবাসীক নিজৰ বেংক একাউণ্টসমূহ আপডেট ৰাখিবলৈ, ব্যক্তিগত বেংকিং তথ্য শ্বেয়াৰ কৰাৰ পৰা এৰাই চলিবলৈ আৰু নিৰাপদ ডিজিটেল বেংকিং পদ্ধতি অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হয়।

এই সজাগতা অভিযান গ্ৰামীণ অঞ্চলসমূহৰ ৰাইজৰ মাজত বিত্তীয় সচেতনতা বৃদ্ধি আৰু তেওঁলোকক বেংকিং সেৱাৰ ব্যৱহাৰত অধিক আত্মবিশ্বাসী আৰু অৱগত কৰিবৰ বাবে সহায় কৰিব।

বিশেষ বাৰ্তা, তিনিচুকীয়া, ১০ ফেব্ৰুৱাৰী

You might also like