পুনৰ বহি:ৰাজ্যত অসমীয়া যুৱকক হত্যাৰ এক ঘটনা পোহৰলৈ আহিছে। হায়দৰাবাদৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল অসমৰ যুৱকজন।
তেলেংগানাৰ হায়দৰাবাদত নগাঁৱৰ যুৱকজনক হত্যা কৰি ৰছীৰে ওলোমাই থৈ যায়। মৃত যুৱকজন নগাঁও পুৰণিগুদাম বৰপানীগাঁৱৰ নৃপেন বৰা (৪৫)।
পুৰণিগুদাম বৰপানীগাঁৱৰ নৃপেন বৰাই পত্নী আৰু কন্যা সন্তানক নগাঁৱত থৈ হায়দৰাবাদত কৰ্মৰত হৈ আছিল। নৃপেন বৰাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পুৰণিগুদামত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৰাইজে ।
বিশেষ বাৰ্তা, নগাঁও, ১২ ফেব্ৰুৱাৰী :