নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা

ডিজিটেল ডেস্ক, ১২ ফেব্ৰুৱাৰী : নগাঁও জিলা কৃষি বিভাগ আৰু আটমাৰ উদ্যোগত বৃহস্পতিবাৰে নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হয় দুদিনীয়া কাৰ্যসূচীৰে কৃষক মেলা। দুদিনীয়াকৈ আয়োজন কৰা এই কৃষক মেলাখনৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয় অথবা কৃষি গৱেষণা কেন্দ্ৰসমূহত নতুনকৈ উদ্ভাৱন কৰা শস্যৰ বীজ আৰু শস্য অধিক উৎপাদন তথা আধুনিক বিজ্ঞান-প্ৰযুক্তি কৌশল ব্যৱহাৰ সন্দৰ্ভত কৃষি বিভাগে অৱগত কৰাৰ এক ব্যৱস্থা।

নগাঁও জিলাৰ ১৩টা উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন প্ৰগতিশীল আৰু উপান্ত কৃষকসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মা, জিলা কৃষি বিষয়া ডঃ নিখিল নাৰায়ণ বৰুৱা, চিলঙনিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

You might also like