ঢেকীয়াজুলিৰ চিৰাজুলি সত্ৰ গাঁৱত চিলনী চোৰে এগৰাকী মহিলাৰ পৰা ডেৰ টোলা ওজনৰ সোণৰ চেইন কাঢ়ি নিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত ।
ঘটনাৰ বিৱৰণী অনুসৰি, ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰী ৰঘুনাথ সত্ৰৰ নাতিদূৰৈত চিৰাজুলি সত্ৰ গাঁৱৰ মুকুট শৰ্মা নামৰ সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ীগৰাকী দোকানত নথকা অৱস্থাত কালি সন্ধিয়া ৫.৩০ বজাত বাইকত অহা দুই গভাইত চোৰে দোকানত প্ৰৱেশ কৰি তেওঁৰ পত্নী চপলা দেৱীয়ে ডিঙিত পিন্ধি থকা ডেৰ টোলা ওজনৰ সোণৰ চেইন কাঢ়ি নিয়ে ।
ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে জনায় যে বাইকত দুজন যুৱক আহিছিল ৷ এজন বাইকতে বহি আছিল । আন এজন যুৱকে প্ৰথমে দোকানত সোমাই আহি খুৰা আছে নে নাই সোধে। মহিলাগৰাকীয়ে ভিতৰত আছে বুলি কোৱাত যুৱকজনে চিগাৰেট বিচাৰে৷ তাৰ পিছত চিগাৰেট জ্বলাবলৈ দিয়াচলাই বিচৰাত মহিলাগৰাকীয়ে হাউলি দিয়াচলাইটো দিব বিচাৰোঁতেই যুৱকজনে মহিলাগৰাকীয়ে ডিঙিত পিন্ধি থকা ডেৰ টোলা ওজনৰ সোণৰ চেইনডাল থাপ মাৰি ছিঙি লৈ যায় । মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰে যদিও ইতিমধ্যে গভাইত চোৰ দুটাই সন্ধিয়াৰ আন্ধাৰত বিলীন হৈ পলাই যায় ।
ঘটনা সংক্ৰান্তত ভুক্তভোগী মহিলাগৰাকীয়ে ঢেকীয়াজুলি থানাত এখন এজাহাৰ প্ৰদান কৰি চোৰক শীঘ্ৰেই কৰায়ত্ত কৰিবলৈ দাবী জনাইছে।
বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ১২ ফেব্ৰুৱাৰী :