নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰ আৰক্ষীৰ অভিযানত দুই চিলনী চোৰক আটক

ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰা দুই চিলনী চোৰকে ধৰি দলটোৰ সহযোগীৰূপী এজন সোণৰ অলংকাৰৰ ব্যৱসায়ীক জিলাখনৰ গৌৰীপুৰ আৰক্ষীৰ এটি দলে আজি কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গৌৰীপুৰ আৰক্ষী থানাৰ এছএইচঅ’ নেত্ৰ কমল বৰাৰ নেতৃত্বত আজি চলা গৌৰীপুৰ আৰক্ষীৰ অভিযানত ৰেজাউল হক আৰু ছাদ্দাম আলী নামৰ চিলনী চোৰ দুটাক কৰায়ত্ত কৰে। লগতে চোৰদ্বয়ৰ পৰা চুৰি কৰা সোণৰ অলংকাৰ ক্ৰয় কৰাৰ অভিযোগ তথা সহযোগীৰূপী ছপিয়াৰ ৰহমান নামৰ সোণৰ গহনাৰ ব্যৱসায়ী এজনকো কৰায়ত্ত কৰা বুলি প্ৰকাশ। তিনিও ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰৰ ভেটা বজাৰৰ বুলি জানিব পৰা গৈছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১২ ফেব্ৰুৱাৰী :

You might also like