ৰং সলাইছে প্রকৃতিয়ে। আকাশে-বতাহে ৰং ছটিয়াই আহিছে উদাসী শুকান ফাগুন। চৌদিশে ফুলিছে পলাশ, মদাৰ, শিমলু। ৰাঙলী হৈছে ৰাজ্যৰ আকাশ। ফাগুনৰ আগমনে কঢ়িয়াই আনিছে উৎসৱৰ বতৰা। ফাগুন মানেই যেন ঐনিতম, গুমৰাগৰ সময়। ফাগুন মানেই যেন আলি-আয়ে-লৃগাং। পলাশ-শিমলু-মদাৰৰ ৰঙে পৃথিৱী ৰঙীয়াল কৰাৰ সময়তে নৈপৰীয়া মিচিংসকল ব্যস্ত হৈ পৰিছে এতিয়া আলি-আয়ে-লৃগাঙক আদৰিবলৈ।
অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মিচিংসকলে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰিব জাতীয় উৎসৱ আলি-আয়ে-লৃগাং। প্ৰাণৰ উৎসৱ লৃগাঙক কেন্দ্ৰ কৰি প্রাণোচ্ছল হৈ উঠিছে মিচিং জনবসতি অঞ্চলসমূহ। ঢকুৱাখনাৰ মিচিং জনবসতিপ্রধান প্ৰতিটো অঞ্চলতে পূৰ্ণোদ্যমে চলিছে এতিয়া আলি-আয়ে-লৃগাঙৰ প্রস্তুতি। ঐনিতমৰ সুৰত আৰু গুমৰাগৰ ছন্দত মুখৰিত হৈ পৰিছে ঢকুৱাখনাৰ মিচিং অধ্যুষিত অঞ্চলসমূহ। চোতাল-পথাৰ সকলোতে অবিৰাম নিগৰিছে কেৱল ঐনিতম। ঢোল-তাল, ঐনিতমৰ সুৰীয়া সুৰ আৰু গুমৰাগৰ ছন্দেৰে জীপাল হৈ পৰিছে প্ৰতিখন মিচিং গাঁও। আৰম্ভ হৈছে লৃগাঙৰ প্ৰস্তুতি।
মিচিং বসতিপ্ৰধান অঞ্চলসমূহ মুখৰিত হৈ পৰিছে ঢোল-তালৰ শব্দত। ঢকুৱাখনাৰ দক্ষিণ চাপৰিত চলিছে আলি-আয়ে-লৃগাঙৰ ব্যাপক প্ৰস্তুতি। সমূহীয়া আলি-আয়ে-লৃগাঙৰ বাবে পৰম্পৰাগত পানীয় ছাই মদ প্রস্তুতত ব্যস্ত বোৱাৰীসকল। আলি-আয়ে-লৃগাঙত পোৰা গাহৰিৰ মাংসৰ সৈতে ছাই মদ নিজেও খোৱাৰ লগতে আপ্যায়ন কৰিব আলহী বা আপোনজনক । একেদৰেই ব্যস্ততাৰ অন্ত নাই জীয়ৰীসকলৰো।
এটা মিঠা হাঁহি বিয়পাই তাঁতৰ শালত বহিছে জীয়ৰীসকল। তাঁতৰ শালত বাৰে বাৰে লাগিছে আউল। মিবু গালোক, মচাং এগে-গাচৰ, পেঃৰ, বিবি, গাচেং, এৰকংক, গনঃৰ উপন, মিবু গালুক, টঙালি আদি বিভিন্ন সাজপাৰ প্ৰস্তুতত ব্যস্ত মিচিং গাভৰুসকল। সমান্তৰালকৈ যুৱকসকলো মুৰংঘৰ, কঠিয়নী আদি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে। ইপিনে, কামৰ মাজতে ঐনিতমৰ সুৰ জুৰি গুমৰাগ নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱক-যুৱতীসকল। আকাশে-বতাহে সুৰীয়া ঐনিতমৰ সুৰ বিয়পাই পৰম্পৰা ৰক্ষা কৰি হেঁপাহৰ লৃগাঙক আদৰিবলৈ সাজু হৈছে সকলো।
নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৩ ফেব্ৰুৱাৰী :