বিশ্বকাপত প্রথমটো জয়েৰে ক্ৰিকেটত সোণালী অধ্যায় আৰম্ভ ইটালীৰ
নিউজ ডেস্ক, ১৩ ফেব্রুৱাৰী : সকলোৱে তেওঁলোকক ফুটবলৰ দেশ হিচাপে চিনি পায়৷ কিন্তু এইবাৰ তেওঁলোকে ক্রিকেট জগতত নিজৰ স্থান দখল কৰিছে৷ বিশ্বকাপত ইটালীয়ে প্রথমটো জয়ৰ সোৱাদ লাভ কৰিছে৷ ৬ মাহ পূর্বে টি–২০ বিশ্বকাপত খেলিবলৈ ক্লীয়াৰেঞ্চ লাভ কৰি ইতিহাস ৰচনা কৰিছিল৷ এইবাৰ জাষ্টিন মস্কা আৰু এন্থনী মস্কাৰ দুর্দান্ত প্রদর্শনৰ সহায়ত প্রথম জয়েৰে ইটালীৰ ক্রিকেট ইতিহাসত এক নতুন অধ্যায় লিখিলে৷
ইটালীয়ে কালি অনুষ্ঠিত গ্রুপ চিৰ একপক্ষীয় মেচখনত নেপালক ১০ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি ছুপাৰ এইটত প্রৱেশৰ আশা সজীৱ কৰি ৰাখিলে৷ মন কৰিবলগীয়া যে প্রথমবাৰৰ বাবে ক্রিকেট বিশ্বকাপত খেলা ইটালীয়ে প্রথমখন মেচত স্কটলেণ্ডৰ হাতত পৰাস্ত হৈছিল৷ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত নেপালে জয়ৰ বাবে বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ভাতৃদ্বয় জাষ্টিন মস্কা আৰু এন্থনী মস্কাৰ দুর্দান্ত অপৰাজিত অর্ধশতকৰ সহায়ত ইটালীয়ে ১২.৪ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ জয়ৰ লক্ষ্যত উপনীত হয়৷ জাষ্টিনে ৪৪টা বলত ৫টা চাৰি আৰু ৩টা ছয়েৰে ৬০ আৰু এন্থনীয়ে ৩২টা বলত ৩টা চাৰি আৰু ৬টা ছয়েৰে ৬২ ৰান কৰি অপৰাজিত হৈ থাকে৷
ইয়াৰ পূর্বে প্রথমে বেটিং কৰি ইটালী সুনিয়ন্ত্রিত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ নেপালে ১৯.৩ অভাৰত ১২৩ ৰানহে কৰে৷ দলটোৰ হৈ সর্বাধিক ২৭ ৰান কৰে আৰিফ শ্বেইখে৷ অধিনায়ক ৰোহিত পৌড়েলে ২৩, আশ্বিফ শ্বেইখে ২০, কৰন কেচিয়ে অপৰাজিতভাৱে ১৮ আৰু দ্বিপেন্দ্র সিং আইৰিয়ে ১৭ ৰান কৰে৷ ইটালীৰ হৈ কৃষন কালুগামাগেই সর্বাধিক ৩টা উইকেট লাভ কৰে৷