নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিন্নাকান্দিত মুছলমান মহিলাই বোর্খা পিন্ধি যোগ দিলে বিজেপিত

বিকাশৰ স্বার্থত শাসকীয় বিজেপি চৰকাৰে গ্রহণ কৰা নীতি–আদর্শই এতিয়া ৰাজ্যৰ সংখ্যালঘু মুছলমান মহিলাকো আকৃষ্ট কৰিবলৈ সক্ষম হৈছে৷ কালি তেনে ধৰণৰ এক ব্যতিক্রমী পৰিৱেশ দেখা গ’ল বিন্নাকান্দি ৰহমত নগৰত অনুষ্ঠিত বিজেপিৰ যোগদান কার্যসূচীত৷ সহস্রাধিক মুছলমান মহিলাই বোর্খা পৰিধান কৰিয়েই কালি দলটোত যোগদান কৰিলে৷ বিকাশৰ স্বার্থত বিজেপি চৰকাৰে গ্রহণ কৰা জনকল্যাণমূলক নীতি–আদর্শৰ প্রতি আকৃষ্ট হৈয়ে সহস্রাধিক মুছলমান মহিলাই দলটোত যোগদান কৰে বুলি জানিব পৰা গৈছে৷

ভাৰতীয় জনতা পার্টী, সংখ্যালঘু মর্চাৰ হোজাই জিলা সমিতিৰ উদ্যোগত কালি আয়োজিত সভাত বিন্নাকান্দি সমষ্টিৰ অন্তর্গত মোৰাঝাৰৰ সমীপৰ চাৰিং পথাৰত অনুষ্ঠিত সভাত পাঁচ সহস্রাধিক লোক উপস্থিত থাকে৷ স্থানীয় যুৱক তথা প্রাক্তন আমছু নেতা মামুন ৰছিদৰ উদ্যোগত আৰু চাৰিং গাঁও পঞ্চায়তৰ সভানেত্রী আবিদা বেগমৰ নেতৃত্বত ৬গৰাকী ৱার্ড সদস্য–সদস্যাই কালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ লগতে মামুন ৰছিদ আৰু আবিদা বেগমৰ নেতৃত্বত প্রায় তিনি সহস্রাধিক পুৰুষ–মহিলাই একেলগে বিজেপিত যোগদান কৰে৷ বিজেপি সংখ্যালঘু মর্চাৰ হোজাই জিলা সভাপতি কমৰুল চৌধুৰীৰ সভাপতিত্বত যোগদান কার্যসূচী অনুষ্ঠিত হয়৷ সভাত বিজেপি সংখ্যালঘু কেন্দ্রীয় কমিটীৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ চাৰিং পথাৰ গাঁও পঞ্চায়তৰ সভানেত্রী আবিদা বেগম, উপ–সভানেত্রী সুহানা বেগমকে ধৰি ৬গৰাকী ৱার্ড সদস্যই যোগদান কৰে বিজেপি দলত৷

নিয়মীয়া বার্তা, হোজাই, ১৭ ফেব্রুৱাৰী :

You might also like