নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : নির্বাচনী ৰাজনীতিৰ ৰেহৰূপ

অসমত বিধানসভা নির্বাচনৰ ৰণদুন্দুভি বাজিছে৷ দিছপুৰৰ ৰাজপাত দখলৰ লক্ষ্যৰে শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে৷ একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতা দখলৰ অভিলেখ গঢ়িবলৈ শাসকীয় বিজেপিৰ নেতৃত্ব জাগ্রত হৈছে৷

ৰাজ্যৰ ৰাজনীতিত বিজেপি সাংগঠনিকভাৱে শক্তিশালী হৈ আছে৷ বিজেপিৰ সহযোগী অসম গণ পৰিষদৰ স’তে নির্বাচনী মিত্রতা নিশ্চিত হৈ আছে যদিও প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ স’তে নির্বাচনী মিত্রতাই কি গতি লয়, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

বড়োভূমিৰ ৰাজনীতিত বিপৰীত মেৰুত উপবিষ্ট ইউপিপিএল আৰু হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ স’তে বিজেপিয়ে সম–দূৰত্ব বজাই ৰাখিছে৷ দুয়োটা দলক ঐক্যবদ্ধ কৰি ৰাজনৈতিক মিত্রতা গঢ়াৰ বাবেও বিজেপিৰ তৰফৰ পৰা চেষ্টা চলোৱা হৈছিল৷ বিটিচিৰ ক্ষমতাত অধিষ্ঠিত বিপিএফ আৰু বিৰোধীৰ আসনত থকা ইউপিপিএলৰ মাজত মিত্রতা গঢ়ি উঠাৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই৷

এনে পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক বিধানসভা নির্বাচনত বিটিচিৰ অন্তর্গত ১৫টা বিধানসভা সমষ্টিৰ প্রার্থী বাছনিৰ ক্ষেত্রত নিশ্চিতভাৱে সমস্যাৰ সন্মুখীন হ’ব শাসকীয় মিত্রজোঁট৷ ২০০১ৰ বিধানসভা নির্বাচনত বিপিএফক এৰি ইউপিপিএলৰ স’তে মিত্রতা গঢ়ি তুলিছিল বিজেপিয়ে৷ মন্ত্রীসভাত স্থান দিয়া হৈছিল ইউপিপিএলৰ নেতা উর্খাও গৌৰা ব্রহ্মক৷

কিন্তু বিটিচিৰ শেহতীয়া নির্বাচনত ইউপিপিএলক ওফৰাই বিপিএফে অভূতপূর্ব সাফল্য লাভ কৰাৰ পিছত বিজেপিৰ মিত্রতাৰ নতুন সমীকৰণ আৰম্ভ হৈছে৷ বিপিএফৰে স’তে বিটিচি চৰকাৰ গঠনৰ পাছতেই মন্ত্রীসভাত স্থান দিয়া হৈছে বিপিএফৰ নেতা চৰণ বড়োক৷ বিটিচিৰ ক্ষমতাত হাগ্রামা মহিলাৰী আকৌ এবাৰ অধিষ্ঠিত হোৱাৰ লগে লগে বিজেপিৰ স’তে মিত্রতাৰ ক্ষেত্রত বিপিএফৰ গুৰুত্ব বাঢ়িছে৷

ইয়াৰ লগে লগে বিটিচিৰ অন্তর্গত ১৫টা সমষ্টিত বিপিএফ আৰু বিজেপিয়ে অধিকাংশ আসনত প্রার্থী থিয় কৰোৱাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত ইউ পি পিএলে কি স্থিতি গ্রহণ কৰে, সেয়া নিশ্চিতভাৱে গুৰুত্বপূর্ণ হ’ব৷ ইউপিপিএলৰ মূল শক্তি হ’ল নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছু৷ নির্বাচনী ৰণত বিটিআৰত জিকাৰ জোখাৰে সফলতা লাভ নকৰিলেও বিটিআৰত এবছুৰ সাংগঠনিক ভেটি আছে৷

হাগ্রামা মহিলাৰীয়ে এবছুক উপেক্ষা কৰিলেও ইউপিপিএলে ছাত্র সংগঠনটোক লৈয়ে ৰাজনীতিৰ পথাৰখনত সফলতাৰ সপোন দেখিছিল৷ সাম্প্রতিক অসমৰ ৰাজনীতিত বিজেপিৰ আগ্রাসী ৰাজনীতিৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলসমূহৰ সাংগঠনিক স্থিতি সামগ্রিকভাৱে ভাল নহয়৷ প্রধান বিৰোধী দল কংগ্রেছৰ সাংগঠনিক অৱস্থা পূর্বৰ তুলনাত দুর্বল হৈছে৷ নেতাকেন্দ্রিক লবী ৰাজনীতিত বিধ্বস্ত দলটোৱে খিলঞ্জীয়া অধ্যুষিত অঞ্চলত খোপনি হেৰুৱাইছে৷

মিঞা অধ্যুষিত অঞ্চলত কংগ্রেছকে ধৰি অন্যান্য বিৰোধী দলৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি হৈছে৷ ২০০৬ৰ বিধানসভা নির্বাচনৰ পাছত বিগত দুটা দশক ধৰি বাংলাদেশী মুছলমান অধ্যুষিত অঞ্চলৰ ৰাজনীতি ঘাইকৈ নিৰূপণ কৰিছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ নেতৃত্বত৷ ২০০৬ৰ দ্বাদশ অসম বিধানসভাৰ নির্বাচনত প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰি মুছলিম অধ্যুষিত অঞ্চলৰ ১০টা সমষ্টিত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱা এআইইউডিএফ দলে ২০১১ৰ নির্বাচনত সর্বাধিক ১৮খন আসন লাভ কৰিছিল৷

২০১৬ৰ বিধানসভা নির্বাচনত ১৩খন আসন আৰু ২০২১ৰ বিধানসভা নির্বাচনত ১৬খন আসন লাভ কৰিলেও আগন্তুক বিধানসভা নির্বাচনত দলটোৱে যে দুর্যোগৰ সন্মুখীন হ’ব সেয়া স্পষ্ট হৈছে৷ বিজেপিৰ শক্তিশালী উত্থানক প্রতিহত কৰিবলৈ বাংলাদেশী মূলৰ মুছলমানসকলে এতিয়া এআইইউডিএফৰ বিকল্পৰূপে কংগ্রেছক পদক্ষেপ কৰিছে৷

ইয়াৰ লগে লগে কংগ্রেছৰ নেতাসকলেও মিঞা প্রেমত উথলি উঠি তোষামোদৰ ৰাজনীতিক মুকলিকৈ সমর্থন দিছে৷ ৰাজীৱ ভৱনৰ সভাত নামাজ পঢ়াৰ ফটো সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ কংগ্রেছৰ এনে ৰাজনীতিয়ে ৰাজ্যখনত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলক শূন্য কৰিছে৷ এই কথা স্পষ্ট হৈছে যে আগন্তুক বিধানসভা নির্বাচনত মিঞা অধ্যুষিত কংগ্রেছ দলে সফলতা লাভ কৰিব৷

কিন্তু মাথোঁ মিঞাৰ একক সমর্থন লাভ কৰিলেও ক্ষমতা দখলৰ জোখাৰে শতিকাপুৰণি দলটোৱে কোনো পৰিস্থিতিতে ক্ষমতাত অধিষ্ঠিত হ’ব নোৱাৰে৷ পুনর্গঠিত বিধানসভা সমষ্টিত এইবাৰ প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন৷ পূর্বতে ৰাজ্যখনৰ ৩০–৩২টা সমষ্টিত প্রার্থী বাছনিৰ ক্ষেত্রত নির্ণায়ক ভূমিকা লৈছিল মিঞা ভোটদাতাই৷

কিন্তু পুনৰ গঠিত সমষ্টিত মিঞা অধ্যুষিত সমষ্টিৰ সংখ্যা ২২টালৈ হ্রাস হৈছে৷ এনে পৰিস্থিতিত মিঞাৰ সমর্থন লাভ কৰিলেও কংগ্রেছে আশাপ্রদ ফলাফল লাভ কৰাৰ আশা নাই৷ মিঞা অধ্যুষিত অঞ্চলত এআইইউডিএফৰ লগত ৰাইজৰ দলে ৰাজনৈতিক তৎপৰতা চলাই আছে৷ ফলত আগন্তুক নির্বাচনত এই সমষ্টিসমূহত প্রার্থীৰ তালিকাখন যে দীঘলীয়া হ’ব তাত কোনো সন্দেহ নাই৷ এনে পৰিস্থিতিত ভোট বিভাজনৰ আশংকাও আছে৷

কংগ্রেছ আৰু ৰাইজৰ দলৰ মাজত মিত্রতাক লৈ এতিয়াও ছবিখন স্পষ্ট হৈ উঠা নাই৷ চিপিআই দলে ইতিমধ্যে প্রার্থীৰ তালিকা ঘোষণা কৰিছে৷ কংগ্রেছে ১০০খন আসনত প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে৷ ৰাইজৰ দলে ২০খন আসন বিচাৰিছে যদিও কংগ্রেছে এনে দাবী অগ্রাহ্য কৰিছে৷ ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ স’তে কংগ্রেছৰ ৰাজ্যিক নেতৃত্বৰ ১৩ ফেব্রুৱাৰীৰ বৈঠকখন বাতিল হোৱাৰ পিছতে মুকলিকৈ ক্ষোভ উজাৰিছে অখিল গগৈয়ে৷

একেদৰে অজাপৰ মুৰব্বী লুৰিণজ্যোতি গগৈৰ স’তেও অনুষ্ঠিত হ’ব লগা বৈঠকখন কংগ্রেছে স্থগিত ৰাখিছে৷ কংগ্রেছে অন্যান্য বিৰোধী দলৰ স’তে মিত্রতাৰ বিষয়টোৱে এতিয়াও গতি লাভ কৰা নাই৷ চিৰবৈৰী পাকিস্তানৰ সৈতে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈৰ গোপন সম্পর্ক ফাদিল হোৱাৰ পিছতে তীব্র সমস্যাৰ সন্মুখীন হৈছে দলটোৰ নেতাসকলে৷

কংগ্রেছৰ এনে দুর্দশাক লৈ মিত্রতাৰ আশাপালি থকা সৰু সৰু ৰাজনৈতিক দলসমূহৰ নেতৃত্বও উদ্বিগ্ন হৈছে৷ এনে অৱস্থাত নির্বাচনী মিত্রতাক লৈ সৃষ্টি হোৱা জটিলতাৰ বাবে অৱশেষত বিৰোধী শিবিৰ বহুধাবিভক্ত হৈ পৰাৰ আশংকা ঘনীভূত হৈছে৷

You might also like