নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ পিছত পাকিস্তান ব’ৰ্ডৰ বিৰুদ্ধে সৰৱ আখতাৰ

নিউজ ডেস্ক, ১৭ ফেব্রুৱাৰী : টি–২০ বিশ্বকাপত পুনৰ ভাৰতৰ হাতত পৰাজিত পাকিস্তান৷ টি–২০ বিশ্বকাপৰ ইতিহাসত ৯খন মেচৰ ৮খনতে ভাৰতৰ হাতত পৰাজিত হয় পাকিস্তান৷ দেওবাৰে কলম্বোত ৬১ ৰানত পৰাজিত হয় পাকিস্তান৷ ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ পিছত একপ্রকাৰ পাকিস্তানী সমর্থকৰ মাজত তীব্র প্রতিক্রিয়া দেখা গৈছে৷ পাকিস্তানী সংবাদ মাধ্যমতো বিৰূপ প্রতিক্রিয়া চলে৷ একেদৰে পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰসকলেও বর্তমানৰ পাকিস্তান দল আৰু পিচিবিক সমালোচনা কৰিছে৷

পাকিস্তানৰ প্রাক্তন তাৰকা পেচ বলাৰ ছোৱাইব আখতাৰো নিজৰ দেশৰ দলটোৰ এনে নির্লজ্জ প্রদর্শনত আচৰিত হৈছে৷ যাৰ বাবে প্রাক্তন ক্রিকেটাৰজনে মৌনতা ভংগ কৰি পিচিবিৰ মুৰব্বী মহছিন নকভিক তীব্র সমালোচনা কৰে৷ পিচিবি আৰু ৰাষ্ট্রীয় দলৰ শাসনৰ প্রতিও হতাশা ব্যক্ত কৰে আখতাৰে৷ বিশেষকৈ গুৰুত্বপূর্ণ পৰিস্থিতিত দলৰ হৈ প্রদর্শন কৰিব নোৱাৰা তাৰকাসকলক সমর্থন কৰাৰ বাবে তেওঁ পিচিবিক সমালোচনা কৰে৷ পাকিস্তান ক্রিকেট চলাবলৈ তেওঁ অযোগ্য বুলি দাবী কৰি নাম নোলোৱাকৈয়ে মহছিন নকভিৰ বিৰুদ্ধে সৰৱ হৈ পৰে আখতাৰ৷

আখতাৰে লগতে সকীয়াই দিয়ে– ‘এনে লোকক ক্ষমতাৰ পদত নিযুক্তি দিলে নেতিবাচক ফল পোৱা যায়৷ যেতিয়া আপুনি এজন অযোগ্য আৰু অজ্ঞান ব্যক্তিক ডাঙৰ কাম দিব, তেতিয়া তেওঁ দেশখন ধ্বংস কৰিব৷ তেওঁ যিকোনো সংগঠনক তললৈ নমাই আনিব৷ উদাহৰণ আপোনাৰ সন্মুখত আছে, এই কথা আপোনালোকে নিশ্চয় বুজি পাব৷’

You might also like