নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গার্হস্থ্য হিংসাক সামাজিক স্বীকৃতি দিলে তালিবান প্রশাসনে

নিউজ ডেস্ক, ১৯ ফেব্রুৱাৰী : তালিবানী আইনত বৈধ হৈছে মধ্যযুগীয় দাস প্রথা৷ বিষয়টোক লৈ বিতর্কৰ মাজতে এইবাৰ পোহৰলৈ আহিছে ৯০ পৃষ্ঠাৰ ‘ক্রিমিনেল প্রচিডিঅ’ৰ কোড ফৰ ক’ৰ্টছ’ত গার্হস্থ্য হিংসাক আইনী স্বীকৃতি দিয়া হৈছে৷

‘ৰাৱাডাৰি’ নামৰ এটা মানৱ অধিকাৰ সংস্থাই ছপা আখৰত প্রকাশ কৰি উলিয়াইছে তালিবানী ফৌজদাৰী আইনখন৷ আইনখনৰ ব্যৱস্থা দেখি চকু কপালত উঠিছে সমগ্র বিশ্বৰ৷ আইনখনত লিখা হৈছে শাৰীৰিক নির্যাতনক অপৰাধ বুলি গণ্য কৰা হ’ব তেতিয়াহে যেতিয়া হাড় ভাগি যাব বা ৰক্তপাত হ’ব৷ লগতে আৰু কোৱা হৈছে যে স্বামী বা পৰিয়ালৰ মুৰব্বীগৰাকীয়ে স্ত্রী বা সন্তানক শাৰীৰিক শাস্তি দিয়াটো অপৰাধ বুলি গণ্য কৰা নহ’ব৷ (হাড় ভঙা বা ৰক্তপাতৰ কাৰণে) অপৰাধ প্রমাণিত হ’লেও শাস্তি হ’ব তেনেই সামান্য৷

নতুন আইনখনত কোৱা হৈছে যে অবাঞ্ছিত বল প্রয়োগ কৰা হ’লে, আঘাতৰ ফলত হাড় ভাগিলে সর্বোচ্চ শাস্তি মাত্র ১৫ দিনৰ কাৰাদণ্ড৷

You might also like