নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ মাজতে বটদ্ৰৱাত অচিন ৰোগত শতাধিক কুকুৰৰ মৃত্যুঃ উদ্বিগ্ন অঞ্চলবাসী

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ অসমত ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে বটদ্ৰৱাত বিগত কিছুদিনৰ পৰা শতাধিক কুকুৰৰ মৃত্যু ঘটিছে ।

এক অচিন ৰোগত আক্ৰান্ত হৈ ক্ৰমে দুৰ্বল হৈ মুখেৰে লেলাউতি ওলাই অৱশেষত কুকুৰবোৰে মৃত্যুক সাবটি লোৱা পৰিলক্ষিত হৈছে ।

বিগত চাৰি-পাঁচ দিনৰ ভিতৰত বটদ্ৰৱা, সৰুহিছা, বৰহিছা আৰু থান চৌহদত থকা শতাধিক কুকুৰৰ অচিন ৰোগত মৃত্যু হোৱাক লৈ অঞ্চলবাসী উদ্বিগ্ন হৈ পৰিছে ।

You might also like