নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোলাই কাঠনিত পুনৰ অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ

যোৰহাটৰ ককিলামুখৰ মাজুলী বন সংমণ্ডলৰ অধীনৰ মোলাই কাঠনিৰ ২.০ নতুন বনানীকৰণত পুনৰ দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱনজোৰা পৰিশ্ৰমৰ ফলত সৃষ্টি হোৱা চিৰসেউজ অৰণ্য মোলাই কাঠনিৰ সমীপতে তেওঁৰ জীয়ৰীয়ে ১৩ হাজাৰ হেক্টৰ ভূমিত ২০২২ চনৰ পৰা মূল্যৱান গছপুলি ৰোপণ কৰি অহা অৰণ্যখনত দুষ্কৃতিকাৰীয়ে কৰা অগ্নিসংযোগৰ ফলত এক বৃহৎ অংশ জুইত জাহ যায়। ২০২৫ চনৰ ২৮ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে তিনিবাৰকৈ অৰণ্যখনত অগ্নিসংযোগ কৰা হৈছে যদিও বন বিভাগে সুৰক্ষা দিব নোৱাৰা বিষয়টো এতিয়া সৰ্বত্ৰ চৰ্চিত হৈছে।

এই বিষয়ে অৰণ্য মানৱ যাদৱ পায়েঙে জনায় যে কালি  বিয়লি ভাগত কোনো দুষ্কৃতিকাৰীয়ে এই দুষ্কার্য সংঘটিত কৰে। বহুদিন বৰষুণ নোহোৱাৰ ফলত হাবি-বনবোৰ শুকান হৈ আছে, সেয়ে মাজৰাতি পর্যন্ত জুই জ্বলি থকাৰ সন্দেহ কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে। ইতিমধ্যে ঘটনা সন্দর্ভত তেওঁ প্রশাসনক অৱগত কৰিছে আৰু প্রশাসনৰ শীর্ষ বিষয়াক  অৱগত কৰাত  অগ্নিকাণ্ড সংঘটিত অঞ্চল আজি পৰিদর্শন কৰা  বুলি জানিব পৰা গৈছে।

অৰণ্যখনত সঘনে অগ্নিসংযোগ কৰা দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে যোৰহাটৰ সচেতন মহলে। যাদৱ পায়েঙে এই সম্পৰ্কত অসম চৰকাৰৰ বনমন্ত্ৰীক অভিযোগ দিয়া বুলিও জানিবলৈ দিয়ে।

উল্লেখ্য যে ২০২২ চনৰ পৰা যাদৱ পায়েঙৰ কন্যা মুনমুনী পায়েঙে কলকাতাৰ ছাছটেইনবেল গ্রীন ইনিচিয়েটিভ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে বহু হেক্টৰ ভূমিত ৰোপণ কৰিছিল লক্ষাধিক মূল্যৱান গছৰ পুলি। নতুনকৈ  গছপুলি ৰোপণ কৰা স্থানতে ২৮ ডিচেম্বৰৰ দুপৰীয়া আৰু যোৱা ১১ ফেব্রুৱাৰীতো কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিছিল। কি কাৰণত বাৰে বাৰে এই অৰণ্যখন দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰিছে, সেই সম্পৰ্কত অনুসন্ধান চলাই দোষীক চিনাক্ত কৰি  শাস্তি প্ৰদানৰ দাবী জনাইছে ৰাইজে।

বিশেষ বাৰ্তা, যোৰহাট, ১৯ ফেব্রুৱাৰী :  

You might also like