কামৰূপ জিলা প্ৰশাসনৰ বকো ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন এলেকাত স্থানীয় প্ৰশাসনৰ জ্ঞাতসাৰেই পূৰ্ণোদ্যমে চলিছে অবৈধ বাংলা ইটাভাতাৰ ৰমৰমীয়া ব্যৱসায়। প্ৰত্যক্ষ কৰা মতে; বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ঘিলাবাৰী, হাৰিভাংগা, পদ্মপুৰ আদি অঞ্চলত একাংশ লোকে অবাধ গতিত অবৈধভাৱে চলাই গৈছে বাংলা ইটা ভাতাৰ ব্যৱসায়। এই ইটা ভাতা স্থাপন কৰাৰ বাবে দাঁতিকাষৰীয়া লোক তথা পৰিয়ালৰ বাবে ভীষণ সমস্যাৰ উদ্ৰেক ঘটা বুলিও অভিযোগ কৰিছে স্থানীয় সচেতন ৰাইজে |
ইটা ভাতাৰ প্ৰদূষিত ধোঁৱা আৰু কয়লা পোৰাৰ অসহনীয় গোন্ধত অতিষ্ঠ পৰিয়ালৰ তৰফৰ পৰা বাৰম্বাৰ অভিযোগ দিয়া হৈছে যদিও সংশ্লিষ্ট বিভাগৰ নীৰৱ ভূমিকাত সকলো চিন্তিত হৈ পৰিছে। ইফালে, বহু স্থানত বিদ্যালয়, ঘন জনবসতি থকা সত্ত্বেও অবৈধভাৱে ইটা ভাতা গঢ়ি তোলাটো ভাবিবলগীয়া ! অভিযোগৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।
উল্লেখ্য যে ঘিলাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কাষতেই গঢ়ি উঠিছে বহুকেইটা বাংলা ইটা ভাতা | অবৈধ বাংলা ইটা ভাতাৰ দূষিত ধোঁৱা আৰু দুৰ্গন্ধই পৰিৱেশ বিনষ্ট কৰাৰ কথা সৰ্বজনবিদিত। আনহে নালাগে, ৰাজপথেৰে পথচাৰী, যান-বাহন চলাচল কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ৰেক ঘটিছে। তদুপৰি সিংহভাগ ইটাভাতাতে শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে বহু শিশু। এই ক্ষেত্ৰত চৰকাৰৰ শিশু শ্ৰমিক আইনকো উলং কৰিছে বণিক গোষ্ঠীয়ে। তৎসত্ত্বেও কাণসাৰ নাই প্ৰশাসনৰ|
উল্লেখিত ঠাইসমূহৰ দৰে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জামলাই, পলাহৰটাৰী, বিদ্যানগৰ আদি কেতবোৰ অঞ্চলতো সোঁৱে-বাঁৱে গঢ়ি উঠিছে অবৈধ ইটা ভাতা | বছৰ বছৰ ধৰি উল্লেখিত ঠাইসমূহত অব্যাহত আছে অবৈধ বাংলা ইটাভাতাৰ ৰমৰমীয়া ব্যৱসায় | বাংলা ইটাভাতাসমূহে চৰম ভাবুকি কঢ়িয়াই আনিছে জনজীৱনলৈ৷ কিন্তু অতি লাজ লগাকৈ প্ৰতিবছৰে এখন নাটক কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উঠিছে প্ৰশাসনৰ বিৰুদ্ধে ৷ এইবেলিওঁহাৰিভঙা-বামুণবড়ী এলেকাত প্ৰায় পষেকদিনৰ পূৰ্বে বাংলা ইটাভাতাৰ বিৰুদ্ধে উচ্ছেদৰ নামত এখন নাটক চলোৱা বুলি ৰাইজে প্ৰশাসনলৈ আঙুলি টোঁৱাইছে | মাঘবিহু, ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত প্ৰশাসনে ভাতাই ভাতাই অভিযান চলায় যদিও সপ্তাহ দিন ঘূৰি পাছলৈ নিস্তেজ হৈ পৰাটো একধৰণৰ পৰম্পৰা হোৱা বুলিও বহুতেই চৰ্চা চলাইছে | বাংলা ইটা ভাতাৰ বিৰুদ্ধে চলোৱা এই নাটকখনে প্ৰশাসনিক বিষয়ববীয়াসকলৰহে পকেট গৰম কৰা বুলিও বহুতেই কোৱাকুই কৰিছে৷
শীঘ্ৰে বাংলা ইটাভাতাসমূহৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সময়োচিতভাৱে কঠোৰ হোৱাৰ দাবী সচেতন ৰাইজৰ।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ২০ ফেব্ৰুৱাৰী :