আগৰ দৰেই ৰাছিয়াৰ পৰা তেল কিনিছে ভাৰতে
নিউজ ডেস্ক, ২০ ফেব্রুৱাৰী : ৰাছিয়াৰ পৰা তেল নিকিনিবলৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ ওপৰত বৃহৎ চাপ সৃষ্টি কৰিলেও ৰাছিয়াৰ পৰা তেল ক্রয় কৰাটো মুঠেও কমোৱা নাই ভাৰতে৷ সাংবাদিকৰ মুখামুখি হৈ ৰাছিয়াৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র মাৰিয়া জাখাৰোভাই কয় যে মার্কিন ৰাষ্ট্রপতিগৰাকীৰ কথাত নতুনত্ব একো নাই৷ কিন্তু ৰাছিয়াৰ পৰা তেল কিনাক লৈ ভাৰতে নিজৰ স্থিতি সলনি কৰা বুলি কোৱাৰ দৰে বিশ্বাস কৰিব পৰা কোনো ঘটনা ঘটা নাই৷
উল্লেখযোগ্য যে বুধবাৰে পুৱাৰ ভাগতে এই খবৰ বিয়পি পৰিছিল যে যোৱা জানুৱাৰী মাহৰ তুলনাত চলিত বছৰৰ জানুৱাৰী মাহত ৰাছিয়াৰ পৰা ৪০.৫ শতাংশ তেল কমকৈ কিনিছে ভাৰতে৷ চলিত মাহৰ প্রথম ভাগতে বাণিজ্য চুক্তিৰ কথা ঘোষণা কৰাৰ সময়ত ট্রাম্পে দাবী কৰিছিল যে ৰাছিয়াৰ তেল নিকিনা আৰু পাঁচ বছৰত ৪৫ লাখ কোটি টকাৰ মার্কিন পণ্য কিনাৰ চর্তত বাণিজ্য চুক্তি কৰিবলৈ আগবাঢ়িছে ভাৰত আৰু আমেৰিকা৷ লগতে মার্কিন বিদেশ সচিব মার্কো ৰুবীঅ’য়ে দাবী কৰে যে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰিব ভাৰতে৷ তাৰ পিছৰে পৰাই একাধিকবাৰ প্রশ্ণ উঠিছে যে তেনেহ’লে বাণিজ্য চুক্তিৰ চাপত পৰি সঁচাকৈয়ে ৰাছিয়াৰ পৰা তেল আমদানি কৰাটো বন্ধ কৰিব নেকি ভাৰতে৷ এই প্রশ্ণৰ উত্তৰত হা বা না একোৱেই কোৱা নাই নতুন দিল্লীয়ে৷
আনহাতে, সর্বভাৰতীয় সংবাদ মাধ্যমৰ প্রতিবেদনত বুধবাৰে দাবী কৰা হয় যে ২০২৫ চনৰ জানুৱাৰীত ৪.৮১ মিলিয়ন ডলাৰৰ পণ্য ৰাছিয়াৰ পৰা ভাৰতে আমদানি কৰাৰ বিপৰীতে এই বছৰৰ জানুৱাৰীত মাত্র ২.৮৬ বিলিয়ন ডলাৰৰ পণ্যহে আমদানি কৰিছে৷ এনে পৰিস্থিতিতে বুধবাৰে পুৱাৰ ভাগতে ৰাছিয়াৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ৰাছিয়াৰ পৰা তেল কিনাৰ ক্ষেত্রত ভাৰতৰ স্থিতিৰ কোনো পৰিৱর্তন হোৱা নাই৷ জাখাৰোভৰ ভাষাত ‘ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰাত দুয়োখন দেশেই লাভৱান হয়, বিশ্বৰ তেল বজাৰত স্থিতাৱস্থা বাহাল থাকে৷ ভাৰতে যে ৰাছিয়াৰ পৰা তেল কিনাটো বন্ধ কৰিছে এনেকুৱা কথা বিশ্বাস কৰাৰ কোনো কাৰণ নাই৷ মার্কিন ৰাষ্ট্রপতি বা বিদেশ সচিবগৰাকীৰ কথাত নতুনত্ব একো নাই৷ কাৰণ তেওঁলোকে স্বাধীন দেশৰ অধিকাৰ ছিন্ন কৰিবলৈ উঠি-পৰি লাগিছে৷