বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ প্ৰথমখন খেলত আজি পাকিস্তান-নিউজিলেণ্ডৰ মুখামুখি
ডিজিটেল ডেস্ক, ২১ ফেব্ৰুৱাৰী : ক্ৰমান্বয়ে ৰোমাঞ্চকৰ হৈ উঠিছে চলিত টি-২০ বিশ্বকাপ ক্ৰিকেট। শেহতীয়াকৈ গ্ৰুপ পৰ্যায়ৰ মেচসমূহৰ অন্ত পৰাৰ পিছত আজিৰে পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ মেচসমূহ।
চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ প্ৰথমখন খেল আজি পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব যদিও খেলখনৰ সময়ত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেৱল খেলখনৰ সময়তে নহয়, ইয়াৰ পূৰ্বেও বৰষুণ হ’ব পাৰে।
কলম্বো বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আজি কলম্বোত ৩ বজাৰ আশে-পাশে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বৰষুণৰ পৰিমাণ অধিক হ’লে চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰাউণ্ডৰ পাকিস্তান বনাম নিউজিলেণ্ডৰ প্ৰথমখন খেল বাতিল হ’ব পাৰে । খেলখন বাতিল হ’লে দুয়োটা দলৰ মাজত পইণ্ট ভাগ কৰা হ’ব।