নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল মন্ত্ৰী কৃষ্ণেন্দু পালৰ কনভয়

শ্ৰীভূমি জিলাৰ কানিশাইল অঞ্চলত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ কনভয়। অলপৰ বাবে এক নিশ্চিত মৃত্যুমুখৰ পৰা প্ৰাণ ৰক্ষা পৰে মন্ত্ৰীগৰাকীৰ লগতে তেওঁৰ নিৰাপত্তাৰক্ষী আৰু কনভয়ত থকা অন্যান্য সদস্যসকলৰ। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

দুপৰীয়াৰ ভাগত মন্ত্ৰী কৃষ্ণেন্দু পালে নিজ সমষ্টি পাথাৰকান্দিলৈ অভিমুখে গৈ আছিল। চহৰৰ উপকণ্ঠৰ কানিশাইল নামৰ ঠাইটুকুৰাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা AS 24AC-1299 নম্বৰৰ এখন মাটি কঢ়িওৱা টিপাৰ গাড়ীয়ে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই মন্ত্ৰীগৰাকীৰ কনভয়ক পোনপটীয়াকৈ খুন্দা মৰাৰ চেষ্টা কৰে।

উল্লেখ্য যে সেই সময়ত মন্ত্ৰীগৰাকী কনভয়ৰ পিছৰ ফালে থকা এখন গাড়ীত অৱস্থান কৰি আছিল।​ টিপাৰখনে খুন্দা মৰিবলৈ ধৰা মুহূৰ্ততে মন্ত্ৰীৰ গাড়ীৰ চালকজনে অপৰিসীম সাহস আৰু উপস্থিত বুদ্ধিৰ পৰিচয় দিয়ে। চালকজনৰ ক্ষিপ্ৰ তৎপৰতাৰ বাবে গাড়ীখন কোনোমতে দুৰ্ঘটনাৰ কবলৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয়। যাৰ ফলত এক ভয়ংকৰ সংঘৰ্ষ এৰাই চলাটো সম্ভৱ হ’ল।

যদিহে চালকজনে পলকতে সঠিক সিদ্ধান্ত ল’ব নোৱাৰিলেহেঁতেন, তেন্তে এক শোকাৱহ পৰিণতি হোৱাৰ সম্ভাৱনা আছিল। ​ঘটনাৰ লগে লগে কনভয়ত নিয়োজিত থকা আৰক্ষী কৰ্মীসকলে তৎপৰতা প্ৰদৰ্শন কৰি টিপাৰখনৰ লগতে ইয়াৰ চালকজনক আটক কৰে। আৰক্ষীৰ সোধা-পোছাত ডাম্পাৰ চালকজনে নিজৰ ভুল স্বীকাৰ কৰি কয় যে তেওঁ দীৰ্ঘসময় ধৰি অবিৰতভাৱে গাড়ী চলাই আছিল। ফলত ক্লান্তিৰ বাবে চকুৰ পতাত টোপনি নামি আহিছিল আৰু অসাবধানতাবশতঃ তেওঁ গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল।

​এই আকস্মিক আৰু বিপদজনক ঘটনাৰ পাছতো মন্ত্ৰী কৃষ্ণেন্দু পালে অতি ধৈৰ্য আৰু মানৱীয়তাৰ পৰিচয় দিয়ে। তেওঁ চালকজনৰ বিৰুদ্ধে উত্তেজিত নহৈ বৰঞ্চ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। চালকজনৰ টোপনিৰ কথা শুনি মন্ত্ৰীগৰাকীয়ে তেওঁক ডাবি-ধমকি দিয়াৰ পৰিৱৰ্তে জিৰণি ল’বলৈ বা শুবলৈহে পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীৰ এনে সহনশীল আচৰণে উপস্থিত জনসাধাৰণক আচৰিত কৰাৰ লগতে তেওঁৰ মহানুভৱতাৰ প্ৰশংসা কৰে।

​বৰ্তমান সমগ্ৰ শ্ৰীভূমি অঞ্চলত এই ঘটনাক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ পাইছে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ বা টিপাৰ চালকসকলৰ বেপৰোৱা চালনাক লৈ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। মন্ত্ৰীগৰাকী নিৰাপদে থকাৰ বাতৰি পাই তেওঁৰ গুণমুগ্ধ তথা দলীয় কৰ্মীসকলে ভগৱানক ধন্যবাদ জনাইছে। বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ অধিক তদন্ত চলাই আছে।

নিয়মীয়া বাৰ্তা, শ্ৰীভূমি, ২১ ফেব্ৰুৱাৰী

You might also like