কাইলৈৰ পৰা গুৱাহাটীৰ নতুন টাৰ্মিনেলৰ পৰা বিমান চলাচলৰ শুভাৰম্ভ
কাইলৈৰ পৰা গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা বিমানবন্দৰৰ টাৰ্মিনেলৰ পৰা বিমানৰ চলাচল আৰম্ভ হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এই সুখবৰ জনায়।
মুখ্যমন্ত্ৰীয়ে কয়, “উন্নয়নৰ এই যাত্ৰা অটল আৰু অবিচলভাৱে আগবাঢ়ি থাকিব।” নতুন টাৰ্মিনেলৰ উদ্বোধনে নগৰৰ বিমান পৰিবহণ ব্যৱস্থাক অধিক সুবিধাজনক আৰু আধুনিক কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে।
উল্লেখযোগ্যভাৱে বাঁহৰ ব্যৱহাৰে টাৰ্মিনেলখনৰ স্থায়িত্ব আৰু পৰিৱেশৰ দৃষ্টিকোণৰ পৰা এক নৱজীৱন দিছে। পর্যটক আৰু যাত্ৰীৰ বাবে এই টাৰ্মিনেল এক সুবিধাজনক আৰু আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰাৰ আশা প্ৰকাশ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২১ ফেব্ৰুৱাৰী