নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু ৰঙিয়াৰ চিকিৎসকৰ 

একপ্ৰকাৰ মৃত্যুদূতত পৰিণত হোৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাই এইবাৰ প্ৰাণ কাঢ়িলে এগৰাকী চৰকাৰী চিকিৎসকৰ। অতি কৰুণভাৱে মৃত্যুক সাবটি লোৱা চিকিৎসকগৰাকী হ’ল ডা: ধ্ৰুৱজ্যোতি কলিতা (৪৬)।

প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ শান্তিপুৰৰ ৫নং ৱাৰ্ডৰ পবিত্ৰ কলিতাৰ পুত্ৰ তথা ৰঙিয়া সিদ্ধিনাথ চিভিল হাস্পতালৰ আয়ুৰ্বেদিক চিকিৎসক ধ্ৰুৱজ্যোতি কলিতাই এএছ ০১ডি ভি ৮৯৭৪ নম্বৰৰ স্কুটীখনেৰে গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখে যাত্ৰাৰ পথত মদনপুৰত দুৰ্ঘটনাত পতিত হয়।

একেদিশেৰে তীব্ৰগতিত অহা কোনো বাহনে স্কুটীখনক খুন্দা মৰাত চিকিৎসকজন বহুত দূৰত চিটিকি গৈ অন্য এখন ৰৈ থকা বাহনত খুন্দা মৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। লগে লগে চিকিৎসকগৰাকীক চাংসাৰিস্থিত এইমছলৈ নিয়া যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

ঘটনাটো সংঘটিত হয় বিয়লি ৩.৪০ মান বজাত। অতিকৈ নম্ৰ ,সকলোৰে আপোন চিকিৎসকগৰাকীৰ দুৰ্ঘটনাত মৃত্যুৰ খবৰে ৰঙিয়া চহৰত মুহুুৰ্ততে বিয়পি পৰে শোকৰ বন্যা।

উল্লেখ্য যে ঘাইপথটোৰ চাংসাৰি থানাৰ এলেকাৰ গৌৰীপুৰ-চৌকীগেট, চাংসাৰি, মদনপুৰ, ডোৰাকঁহৰা, পিয়লিখাটা আদি অঞ্চলত নিতৌ সংঘটিত হবলৈ লৈছে দুৰ্ঘটনা। ইতিমধ্যে বিগত ছয় মাহত ঘাইপথটোত সংঘটিত দুৰ্ঘটনাৰ ফলত অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে বহুকেইগৰাকী ডেকা লৰাৰ উপৰি যুৱতী।

নিয়মীয়া বাৰ্তা, চাংসাৰি, ২১ ফেব্ৰুৱাৰী

You might also like