নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শালবাৰীবাসীলৈ সুখবৰ : ​উধিয়াগুৰিত হস্ততাঁত শিল্পৰ উৎপাদন তথা বিপণন কেন্দ্ৰৰ আধাৰশিলা স্থাপন

১৫খন আসন আছে ১৫খন আসনেই আমি দিছপুৰলৈ পঠাই দিম। ইউপিপিএল জিৰ', বিপিএফ হিৰোঃ হাগ্ৰামা মহিলাৰী

ৰাজ্য তথা বিটিচিৰ থলুৱা শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্যৰে আজি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত উধিয়াগুৰিত এটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ উদ্যোগত অঞ্চলটোৰ শিপিনী আৰু হস্তশিল্পীসকলক উৎসাহিত কৰিবলৈ এটা ‘হস্ততাঁত আৰু বস্ত্ৰজাত সামগ্ৰীৰ উৎপাদন তথা বিপণন কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰা হয়।​ প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

নতুন উৎপাদন তথা বিপণন কেন্দ্ৰটোৱে অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে। আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয়, বিটিচিত নতুন চৰকাৰ হোৱাৰ পিছত প্ৰমোদ বড়োৱে যি চিণ্ডিকেটৰাজৰ অভিযোগ উত্থাপন কৰিছে সেইবোৰ মিছা৷ বিটিচিত কোনো চিণ্ডিকেটৰাজ নাই৷

এনডিএ হিচাপে এইবাৰ নিৰ্বাচনত ১৫ খন আসনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱা হ’ব৷ ভাৰত চৰকাৰৰ হেণ্ডলুন টেক্সটাইলৰ মাৰ্কেটিং চেন্টাৰ আৰু প্ৰডাকচন চেন্টাৰ এই উধিয়াগুৰীত হব। যাৰ বাবে ২৪ কোটি ওপৰত ধাৰ্য কৰা হৈছে। আজি মই আধাৰশিলা স্থাপন কৰিলোঁ। কামটোৰ সময় হৈছে ১৮ মাহ।

এই প্ৰকল্প হোৱাৰ পিছত এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ কিছু হ’লেও সহায় হব। যিহেতু আমাৰ বিটিচি অঞ্চলৰ সৰহসংখ্যক জাতি জনগোষ্ঠী হেণ্ডলুমৰ লগত জড়িত। বিহু গামোচা হওক, গাৰো ৰাভা সকলৰ হওক বা বড়োসকলৰ পৰম্পৰাগত সকলোবোৰ কাপোৰ ইয়াত উৎপাদন হব আৰু ইয়াতেই মাৰ্কেটিং হব। এই প্ৰকল্পটো বহুত ডাঙৰ।

নিশ্চয় ইয়াৰ পৰা এই অঞ্চলৰ ৰাইজ উপকৃত হব। অহা ২৫ তাৰিখৰ পৰা আমাৰ দিশপুৰ চলো যাত্ৰা হব। গোঁ‌সাইগাও জিলাৰ পৰা আৰম্ভ হব। আমি জানো এপ্ৰিল মাহৰ পৰা নিৰ্বাচন হব। দিছপুৰত এম এল এ গোটাই দিয়াটো আমাৰ দায়িত্ব। ১৫খন আসন আছে ১৫খন আসনেই আমি দিছপুৰলৈ পঠাই দিম।

ইউ পি পি এলৰ কি হব কি নহব মই নাজানো মুঠতে আমি জানো ১৫টাৰ ১৫টা দিছপুৰলৈ যাব। প্ৰমোদ বড়োৱে ৰাজ্যসভা নিৰ্বাচন খেলা সন্দৰ্ভত চলা চৰ্চাৰ ওপৰত হাগ্ৰামা মহিলাৰীয়ে কয়- যাবও পাৰে নাযাবও পাৰে। ৰাজ্যসভাতো আমাৰ আলোচনাত অহা নাই। প্ৰমোদ বড়োৱে অভিযোগ টোলা চিণ্ডিকেট সন্দৰ্ভত মহিলাৰীয়ে কয় মই এইবিলাক একো নাজানো। যিবোৰে কৈছে সেইবিলাকে বুজি পায়। মই ইয়াত জড়িত নহয়।

প্ৰধানমন্ত্ৰী কোকৰাঝাৰলৈ আহি আছে। কোকৰাঝাৰৰ গেলেম্পু ৰেলৱে লাইন আধাৰশিলা স্থাপনৰ বাবে আহিব। এইটো বিটিচিবাসী ৰাইজৰ বাবে ভাল মেছেজ। এইবাৰ নিৰ্বাচনত ইউপিপিএল জিৰ’ হব গৈ আছে আৰু হিৰ’টো বিপিএফ।

পুনৰ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ২১নং শালবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত গয়াৰী, জ্যেষ্ঠ বিপিএফ নেতা শৰৎ স্বৰ্গীয়াৰী, নাৰায়নী বসুমতাৰী, জিলা সভাপতি ভুৱনেশ্বৰ গয়াৰী, যুৱ বিপিএফৰ সভাপতি বিনাৰাম বড়ো, যুৱ বিপিএফৰ সম্পাদক লতিফ তালুকদাৰ,যুৱ নেতা পুৰ্ণ গয়াৰী । ইয়াৰ উপৰিও বিভাগীয় উচ্চপদস্থ বিষয়াসকল আৰু অঞ্চলটোৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি তথা ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে।​

নিয়মীয়া বাৰ্তা, আনন্দ বজাৰ, ২১ ফেব্ৰুৱাৰী

You might also like