নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন পত্নী-পুত্রক ৪ কোটি টকাৰ গাড়ী উপহাৰ হার্দিকৰ

নিউজ ডেস্ক, ২৪ ফেব্রুৱাৰী : সম্প্রতি মাহিকা শর্মাৰ প্রেমত হাবুডুবু টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া৷ হার্দিকে চলিত টি–২০ বিশ্বকাপৰ সময়তো মাহিকাক নিজৰ লগত ৰাখিছে৷ প্রায় প্রতিদিনে তেওঁলোকৰ নতুন নতুন ছবি ছ’চিয়েল মিডিয়াত আপলোড হৈছে৷ ইয়াৰ মাজতে হার্দিকে তেওঁৰ প্রাক্তন পত্নী নাটাছা ষ্টেনক’ভিচ আৰু পুত্র অগস্ত্যক ৪ কোটি টকাৰ গাড়ী উপহাৰ দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

নাটাছাৰ পৰা বিচ্ছেদ হোৱাৰ পিছতো হার্দিকে পুত্রৰ লগত যোগাযোগ ৰাখিছে৷ দুয়োকে গাড়ী এখন উপহাৰ দিয়ে৷ হার্দিকে উপহাৰ দিয়া লেণ্ড ৰ’ভাৰ এছইউভিখনৰ মূল্য প্রায় ৪ কোটি টকা৷ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আৰু ছবি প’ষ্ট কৰিছে গাড়ী নির্মাতা কোম্পানীটোৱে৷ তাত দেখা যায় যে অগস্ত্যৰ সৈতে ক’লা গাড়ীখনৰ কাষত নাতাশা থিয় হৈ আছে৷ কোম্পানীটোৱে নিজেই কয় যে বডোদৰাৰ এই অলৰাউণ্ডাৰজনে তেওঁৰ প্রাক্তন পত্নী আৰু পুত্রৰ বাবে গাড়ীখন কিনিছিল৷

নাটাছাৰ পৰা বিচ্ছেদ হোৱাৰ পিছতো হার্দিকে পুত্রৰ প্রতি থকা দায়িত্বক অৱহেলা কৰা নাই৷ ১৯ ফেব্রুৱাৰীত আছিল মাহিকাৰ জন্মদিন৷ সেইদিনা হার্দিকে ছ’চিয়েল মিডিয়াত মাহিকাৰ লগত থকা প্রেমৰ সম্পর্ক মানি লৈছিল৷ তেওঁ মাহিকাৰ সৈতে এক অন্তৰংগ মুহূর্তৰ ছবি শ্বেয়াৰো কৰিছিল৷

You might also like