৮০খন আসনত বিজেপিৰ প্রার্থী চূড়ান্ত
অসম বিধানসভাৰ ৮০খন আসনৰ প্রার্থীৰ তালিকা বিজেপিৰ চূড়ান্ত হৈয়ে আছে৷– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৮০খন আসনৰ প্রার্থী তালিকা বাছনি হৈয়েই আছে৷ এবাৰ দিল্লীলৈ গ’লেই সেই সমষ্টিকেইটাৰ প্রার্থী চূড়ান্ত হৈ যাব৷ সেইদৰে বাকী থকা সমষ্টিকেইটাৰ ক্ষেত্রত এনডিএৰ সহযোগী দলৰ লগত আলোচনা হ’ব৷
মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে কংগ্রেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, বসন্ত দাস, শশীকান্ত দাস বিজেপিলৈ আহিব৷ আনহাতে, আনসকল কংগ্রেছী বিধায়কক বিজেপিলৈ আনি টিকট দিবলৈ স্থান নাই বুলি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷ কাৰণ বিজেপিত তেওঁলোকক টিকট দিবলৈ আসন খালীয়েই নাই৷
তেওঁ আৰু কয় যে সোণাইৰ এআইইউডিএফৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা অগপলৈ আহিব৷ সেইদৰে কংগ্রেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সৈতে বিজেপিৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছৰ ভিতৰৰ পৰাই এই খবৰটো উলিয়াই দিছে৷ ছমৰীয়াত অগপ–বিজেপি কৰি কোনেও জয়লাভ কৰিব নোৱাৰে৷ কংগ্রেছৰ ভিতৰৰ পৰা টিকট দিব নিবিচৰা কোনোবাই এই খবৰটো উলিয়াই দিছে৷
ইপিনে, আসন্ন বিধানসভা নির্বাচনত বিহপুৰীয়া বিধানসভা সমষ্টিত ভাল প্রার্থীক দলীয় টিকট দিয়া হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভূপেন বৰাৰ নামো বিবেচনাত আছে৷ তেওঁ বিহপুৰীয়াৰো বিধায়ক আছিল৷ দুটাকৈ কার্যকালৰ তেওঁ বিধায়ক আছিল৷ বিহপুৰীয়াৰ উপৰি তেওঁৰ নামটো ৰঙানদী সমষ্টিতো চর্চালৈ আহিব৷ ভূপেন বৰাৰ দিন ভাললৈ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছে বিচাৰিছিল ভূপেন বৰাই যাতে বিজেপিত সন্মান নাপায়৷ কিন্তু আমি সন্মান দিমেই৷ ভূপেন বৰাক ক’ত টিকট দিব লাগে সেয়া দলে সিদ্ধান্ত লৈ থৈছে৷
ইফালে, কংগ্রেছ–জাপৰ মিত্রতা প্রায় সম্পূর্ণ হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অজাপক বিন্নাকান্দি, খোৱাং, বঢ়মপুৰ, শদিয়া আদি আসন কংগ্রেছে দিব বিচাৰিছে৷ জন ইংতি কাথাৰৰ এপিএইচএলচিক কার্বি আংলঙৰ দুখন আসন দিব বিচাৰিছে৷ চিপিআইএমক দুখন, চিপিআইএমএলক এখন আসন দিব বিচাৰিছে৷
এই মুহূর্তলৈ ৰাইজৰ দলৰ লগত কংগ্রেছ বুজাবুজিত উপনীত হ’ব পৰা নাই৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছে ৰাজ্যিক নির্বাচন কমিটীৰ ওচৰত তেওঁলোকৰ প্রার্থী তালিকা ‘ড’কেট’ দিছিল৷ তাত সমষ্টিভিত্তিক প্রার্থীৰ নাম উল্লেখ কৰিছে৷ ইয়াৰ পিছতে দলটোৰ ভিতৰত গণ্ডগোল আৰম্ভ হৈছে৷
ডিজিটেল ডেস্ক, ২৩ ফেব্রুৱাৰী