নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ মার্চৰ পৰা ৰাজ্যৰ চাহ শ্রমিকক ভূমিপট্টা দিয়াৰ অভিযান

ডিজিটেল ডেস্ক, ২৪ ফেব্রুৱাৰী : অহা ১৩ মার্চৰ পৰা ৰাজ্যৰ চাহ শ্রমিকসকলক ভূমিপট্টা দিয়াৰ অভিযান আৰম্ভ কৰিব ৰাজ্য চৰকাৰে৷ ভূমিপট্টা দিয়াৰ পিছতেই চাহ শ্রমিকসকলৰ সেই স্থানত পিএমএৱাইৰ বাসগৃহ নির্মাণ কৰি দিয়া হ’ব৷ এইক্ষেত্রত ভাৰত চৰকাৰে ইতিমধ্যে সন্মতি প্রকাশ কৰিছে৷

গুৱাহাটীত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰি কয় যে কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানক তেওঁ এই বিষয়ে অৱগত কৰে আৰু কেন্দ্রীয় মন্ত্রী চৌহানে ভাৰত চৰকাৰৰ হৈ এইক্ষেত্রত সন্মতি প্রকাশ কৰে৷ অৱশ্যে ইয়াৰ পূর্বে ভাৰত চৰকাৰে কিমান চাহ শ্রমিকক পিএমএৱাইৰ বাসগৃহ দিব লাগিব, তাৰ বাবে এক জৰীপ কৰিব৷

মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, ভাৰত চৰকাৰক চাহ শ্রমিকক পিএমএৱাইৰ বাসগৃহ দিবলৈ সন্মতি কৰাটো আমাৰ বাবে এটা ঐতিহাসিক কাম৷

You might also like