নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত আচামী ধৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণৰ অভিযোগ, উত্তপ্ত পৰিস্থিতি

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ২নং ভালাতল অঞ্চলত নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত আচামী ধৰিবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, ভূমিকেন্দ্ৰিক এক বিবাদৰ সৈতে জড়িত আচামী আব্দুল ছালাম (৪৪) আৰু আব্দুল লতিফ (২৫) এই দুজনৰ বিৰুদ্ধে মহামান্য বিজনী আদালতৰ পৰা জাৰি কৰা ৱাৰেন্টৰ ভিত্তিত বিজনী আৰক্ষীৰ দলটোৱে নিশা অভিযান চলায়। অভিযানত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুজ্যোতি নাথ, মহিলা আৰক্ষীসহ আন কেইবাজনো আৰক্ষী সদস্য উপস্থিত আছিল।

অভিযোগ অনুসৰি, আৰক্ষীৰ দলটোৱে আচামী দুজনক আটক কৰিবলৈ যাওঁতেই আচামীৰ পৰিয়ালৰ সদস্যসকলে আৰক্ষীৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলায়। আক্ৰমণৰ সময়ত আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ পোছাক ছিঙি দিয়া আৰু আৰক্ষীৰ বাহনতো ক্ষতিসাধন কৰা বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ সৈতে জড়িত বুলি অভিযুক্ত ব্যক্তিসকলৰ নাম হৈছে ছাত্তাৰ আলী (৪৫), আব্দুল আজিজ (২৪), সাহজামাল আলী (৩০), আলী হুছেইন (৬২), সাহদত আলী (২৭), আব্দুল ছালাম (৪৪) আৰু আব্দুল লতিফ (২৫)। সূত্ৰ অনুসৰি, উল্লেখিত অভিযুক্তসকলৰ ভিতৰত পাঁচজন আলী হুছেইনৰ পুত্ৰ আৰু এজন তেওঁৰ ককায়েক বুলি জানিব পৰা গৈছে।

ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে আৰু আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই থকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰিছে।

নিয়মীয়া বাৰ্তা, বিজনী, ২৪ ফেব্ৰুৱাৰী :

You might also like