শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত কালিমা সানিলে ধুবুৰীত কৰ্মৰত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে।
অভিযোগ মতে, ধুবুৰী চহৰৰ ৯৮৯নং ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলৰ সহকাৰী শিক্ষক আব্দুল খালেকে প্ৰায়ে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীক নিজৰ মোবাইলেৰে দেখুৱাইছিল অশ্লীল ভিডিঅ’। সেয়া অৱগত হৈ আজি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু একাংশ সচেতন লোকে শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ বাবে বিদ্যালয়খনত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ঘটনাটো অৱগত হৈ ধুবুৰী আৰক্ষীৰ দল এটা আহি খালেকক আটক কৰি সদৰ থানালৈ নিয়ে। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী মেদেৰটাৰী অঞ্চলৰ বাসিন্দা সেই শিক্ষকগৰাকী বিএলঅ’ৰ দায়িত্বতো থকা বুলি প্ৰকাশ।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৪ ফেবুৱাৰী :