চামগুৰিৰ তেলিয়াগাঁও অঞ্চলত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুই যুৱকৰ মৃত্যু হয় আৰু এজন গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, গুৱাহাটীৰ পৰা চামগুৰি অভিমুখী এখন ডিজায়াৰ চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পিছতে যোৰহাটৰ পৰা নগাঁও অভিমুখী এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে AS 01 FS 5676 নম্বৰৰ চাৰিচকীয়া বাহনখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ভাঙি চুুৰমাৰ হৈ যায়।
দুৰ্ঘটনাটোত নিহত যুৱক দুজনৰ নাম মানস কলিতা আৰু দ্বিপেন কলিতা বুলি জানিব পৰা গৈছে। আনহাতে সমীৰণ কলিতা নামৰ আন এজন যুৱক সংকটজনক অৱস্থাত আহত হয়। তিনিওজনৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰত বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
ঘটনাৰ খবৰ পাই চামগুৰি আৰক্ষী ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন উদ্ধাৰ কৰে। লগতে সংকটজনক অৱস্থাত থকা যুৱকজনক উন্নত চিকিৎসাৰ বাবে Nagaon Medical College and Hospitalলৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে দুৰ্ঘটনাৰ সঠিক কাৰণ অনুসন্ধান আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী