গোলাঘাটত কংগ্ৰেছ কৰ্মীৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
অথন্তৰে লগ নেৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। য’তেই গৈছে তাতেই প্ৰতিবাদ আৰু ক্ষোভৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। উল্লেখযোগ্য যে আজি বিজেপি কৰ্মীৰ নহয়, বৰঞ্চ নিজ দলৰ কংগ্ৰেছ কৰ্মীৰ ৰোষত পৰিলগীয়া হ’ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
গোলাঘাট সমষ্টিৰ পৰা আৰম্ভ হ’ব লগা ‘সময় পৰিবৰ্তন যাত্ৰা’ৰ শুভাৰম্ভণিও সুখকৰ নহ’ল গৌৰৱ গগৈৰ বাবে। পৰিবৰ্তন যাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ আহোতেই গোলাঘাটৰ আৱৰ্ত ভৱনত সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ।
জানিব পৰা মতে, কিছুদিন পূৰ্বে বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা জীৱন চুতীয়া অজাপৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ হিচাপে আগবঢ়াৰ পাছতেই সৰুপথাৰ বিধানসভা সমষ্টিত বিৰোধী শিবিৰৰ হৈ কংগ্ৰেছে অজাপক এৰি দিব বুলি বাতৰি ওলাইছিল। এই বাতৰিৰ পিছতেই কংগ্ৰেছ কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ পৰিণতিত আজি আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰি ধৰি কংগ্ৰেছ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীসকলে আনকি মুণ্ডন কৰি কংগ্ৰেছ ত্যাগ কৰাৰো হুংকাৰ প্ৰদান কৰে। আনকি ২৪ ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱ গগৈক দাবী জনায়। আনহাতে, গোলাঘাট জিলা কংগ্ৰেছ বহু শিবিৰত বিভক্ত হোৱাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।
সৰুপথাৰ বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ ভেটি যথেষ্ট সবল বুলি উল্লেখ কৰি কৰ্মীসকলে ক্ষোভেৰে কয় যে কোনো পৰিস্থিতিতেই সমষ্টিটো কংগ্ৰেছে এৰি দিব নোৱাৰে। এতিয়া ডাঙৰ প্ৰশ্ন হৈছে বিৰোধী শিবিৰৰ এনে খোৱা-কামোৰাৰ ফলত সমষ্টিটোত পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকী বিজয়ী হোৱাৰ সুযোগ লাভ কৰিব নেকি ?
বিশেষ বাৰ্তা, গোলাঘাট, ২৫ ফেব্ৰুৱাৰী