নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি নিৰ্বাচন আয়োগৰ

অসমকে ধৰি দেশৰ ১০খন ৰাজ্যৰ খালী হ’বলগীয়া ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে আজি নিৰ্বাচন আয়োগে অধিসূচনা জাৰি কৰিছে। যোৱা ১৮ ফেব্ৰুৱাৰীত আয়োগে ঘোষণা কৰা অনুসৰি ১৬ মাৰ্চত উক্ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে আগন্তুক এপ্ৰিল মাহৰ বিভিন্ন দিনত এই আসনসমূহৰ কাৰ্যকাল সমাপ্ত হ’ব। অসমৰ ক্ষেত্ৰত তিনিগৰাকী ৰাজ্যসভাৰ সাংসদ ক্ৰমে বিজেপিৰ ভুৱনেশ্বৰ কলিতা আৰু ৰামেশ্বৰ তেলীৰ লগতে বিৰোধী ঐক্যমঞ্চৰ অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল ২০২৬ চনৰ ৯ এপ্ৰিলত অন্ত পৰিব।

সেই অনুসৰি ৰাজ্যৰ এই তিনিখন আসনৰ বাবে নিৰ্ধাৰিত দিনটোত ভোটগ্ৰহণ কৰা হ’ব। ৰাজ্যসভাৰ খালী হৈ থকা আসনসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া আন ৰাজ্যসমূহ হৈছে মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, তামিলনাডু, ছত্তিশগড়, পশ্চিমবঙ্গ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু বিহাৰ।

নিৰ্বাচনী সূচী অনুসৰি, ৫ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ভোটগ্ৰহণৰ দিনটোতেই অৰ্থাৎ ১৬ মাৰ্চত ভোটগণনা সম্পন্ন কৰা হ’ব। উল্লেখ্য, ৰাজ্যসভা নিৰ্বাচনত কেৱল ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্যসকলেহে ভোটদান কৰিব পাৰে। ৰাজ্যসভা এখন স্থায়ী সদন আৰু ই কেতিয়াও ভংগ নহয়। ইয়াৰ সদস্যসকলক ৬ বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰা হয় আৰু প্ৰতি দুবছৰৰ মূৰে মূৰে এক চতুৰ্থাংশ সদস্যই অৱসৰ গ্ৰহণ কৰে।

সমানুপাতিক প্ৰতিনিধিত্বৰ নীতিৰ আধাৰত একক হস্তান্তৰযোগ্য ভোট ব্যৱস্থাৰ জৰিয়তে এই নিৰ্বাচন পৰিচালিত হয়। ৰাজনৈতিক দলে প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ নাম বিধানসভাৰ অতি কমেও ১০ জন সদস্য বা দলৰ শক্তিৰ ১০ শতাংশ সদস্যই প্ৰস্তাৱ আগবঢ়াব লাগে।

আনহাতে নিৰ্দলীয় প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০জন বিধায়কৰ সমৰ্থন থকাটো বাধ্যতামূলক। ইপিনে আজি নিৰ্বাচন আয়োগে প্ৰদান কৰা নিৰ্দেশ অনুসৰি বেলট পেপাৰত পচন্দৰ প্ৰাৰ্থীক চিহ্নিত কৰিবলৈ ৰিটাৰ্ণিং অফিচাৰে যোগান ধৰা পূৰ্ব-নিৰ্ধাৰিত নিৰ্দিষ্ট মানৰ কেৱল বেঙুনীয়া ৰঙৰ স্কেচ পেনহে ব্যৱহাৰ কৰিব পাৰিব। মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰিবলৈ আয়োগে প্ৰকাশ কৰিছে যে পৰ্যবেক্ষক নিযুক্তিৰ জৰিয়তে নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা হ’ব।

বিশেষ বাৰ্তা, নতুন দিল্লী, ২৬ ফেব্ৰুৱাৰী

You might also like