ডিজিটেল ডেস্ক, ২৭ ফেব্রুৱাৰী : ৰাজ্যিক কেবিনেটে শিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ তিনিচুকীয়া জিলাত তৃতীয় বর্গৰ এটা চৰকাৰী পদত নিযুক্তি দিয়াৰ বাবে কেবিনেটে কালি গ্রহণ কৰা সিদ্ধান্ত সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ২০২৫ চনৰ ১৩ জানুৱাৰীত সংগীতানুষ্ঠান প্রদর্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল৷ কেবিনেটে তেওঁৰ পত্নী উপাসনা বকলিয়াল গগৈক তিনিচুকীয়া জিলাত অসম চৰকাৰৰ তৃতীয় বর্গৰ চাকৰি এটা দিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷ ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্রতি থকা অৱদানক স্বীকৃতি প্রদান কৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্রহণ কৰে৷
মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পূর্বেই উপাসনা বকলিয়াল গগৈক নিযুক্তি প্রদান কৰা হ’ব৷ উল্লেখ্য যে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত আর্থিকভাৱে সমস্যাত পৰা পৰিয়ালটোক সকাহ দিয়াৰ বাবে তেওঁৰ পত্নীক চৰকাৰী চাকৰি দিয়াৰ এক দাবী উত্থাপন হৈছিল৷ তিনিচুকীয়া জিলাৰ লগতে উজনি অসমত যথেষ্ট জনপ্রিয় ৰাজীৱ শদিয়াৰ সংগীতত আছিল মাটিৰ গোন্ধ৷ ৰাজ্য চৰকাৰে শিল্পীগৰাকীৰ পৰিয়ালক সকাহ দিয়াৰ লক্ষ্যৰে তেওঁৰ পত্নীক চাকৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷