নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপত জিম্বাব’ৱেক হৰুৱাই ছেমিৰ আশা সজীৱ ভাৰতৰ

নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : ডিফেণ্ডিং চেম্পিয়ন টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ চেন্নাইত অনুষ্ঠিত ছুপাৰ এইটৰ বিজয় অপৰিহার্য মেচখনত ভাৰতে জিম্বাব’ৱেক ৭২ ৰানত পৰাস্ত কৰে৷ মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৫৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি অ’পেনাৰ ব্রায়ান বেনেটৰ অপৰাজিত ৯৭ আৰু অধিনায়ক ছিকন্দৰ ৰাজাৰ ৩১ ৰানৰ সহায়ত জিম্বাব’ৱেই নির্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৮৪ ৰান কৰে৷ ভাৰতৰ হৈ অর্শদীপ সিঙে সর্বাধিক তিনিটা উইকেট লাভ কৰে৷ মেচখনত পৰাজিত হৈ জিম্বাব’ৱেই ছুপাৰ এইটৰ পৰা বাহিৰ হোৱাটো নিশ্চিত হয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰ অভিষেক শর্মা আৰু হার্দিক পাণ্ডিয়াৰ দুর্দান্ত অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৪টা উইকেট হেৰুৱাই ২৫৬ ৰান কৰে৷ সঞ্জু ছেমছন আৰু অভিষেক শর্মাই ইনিংছ মুকলি কৰি ভাৰতীয় দলক প্রত্যয়জনক আৰম্ভণি দিয়ে৷ ২২টা বলত ৪৮ ৰান হোৱাৰ সময়ত সঞ্জুৱে ব্যক্তিগত ২৪ ৰানত বিদায় লয়৷

ইফালে, বিগত মেচত দুর্বল প্রদর্শন দাঙি ধৰা অভিষেকে কালি অর্ধশতকীয় ইনিংছ খেলি নিজৰ হেৰুওৱা ফর্ম উদ্ধাৰ কৰে৷ তাৰকা বেটাৰগৰাকীয়ে ৩০টা বলত ৪টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৫৫ ৰান কৰি বিদায় লয়৷ অৱশ্যে আউট হোৱাৰ পূর্বে অভিষেকে ঈশান কিশনৰ সৈতে দ্বিতীয় উইকেটত ৭২ ৰান কৰে৷ ঈশানে ৩৮ ৰানৰ অৰিহণা আগবঢ়ায়৷ অধিনায়ক সূর্যকুমাৰে ৩৩ ৰান কৰি পেভিলিয়নমুখী হয়৷ সূর্যকুমাৰ আউট হোৱাৰ সময়ত ভাৰতীয় দলটোৰ স্ক’ৰ আছিল ৪টা উইকেটত ১৭২৷

শেষৰ পিনে হার্দিক পাণ্ডিয়া আৰু তিলক বার্মাই মাৰমুখী বেটিঙেৰে দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ দুয়োৱে পঞ্চম উইকেটত অপৰাজিতভাৱে ৮৪ ৰান কৰে৷ হার্দিকে ২৩টা বলত দুটা ৪ আৰু চাৰিটা ছয়েৰে ৫০ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে তিলক বার্মাই মাত্র ১৬টা বলত তিনিটা চাৰি আৰু ৪টা ছয়েৰে ৪৪ ৰান কৰি অপৰাজিত হৈ থাকে৷

মন কৰিবলগীয়া যে চলিত বিশ্বকাপত ঘৰুৱা দল ভাৰতে সর্বাধিক ৰান কৰাৰ গৌৰৱ অর্জন কৰে৷ ইপিনে, টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াই দ্বিতীয় সর্বাধিক ৰান কৰাৰ নজিৰ গঢ়ে৷ ইয়াৰ পূর্বে ২০০৭ চনত শ্রীলংকাই কেনিয়াৰ বিৰুদ্ধে ২৬০ ৰান কৰিছিল৷

You might also like