নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ নৱনিৰ্মিত অত্যাধুনিক জিলা সংহত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ

বহু প্ৰতীক্ষিত নৱনিৰ্মিত ধেমাজি জিলাৰ সংহত আয়ুক্ত কাৰ্যালয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰে৷ ধেমাজি মহাবিদ্যালয়ত পদাৰ্পণ কৰাৰ পিছতে পোনে পোনে ধেমাজি সদৰৰ তিনিআলিত নৱনিৰ্মিত অত্যাধুনিক জিলা সংহত কাৰ্যালয়ত উপস্হিত হৈ আনুষ্ঠানিকভাৱে কাৰ্যালয়টি উদ্বোধন কৰি জিলাবাসীক প্ৰদান কৰে৷

উল্লেখযোগ্য যে এক বিশাল সমদলেৰে মুখ্যমন্ত্ৰীগৰাকী উপস্হিত হোৱাৰ মাত্ৰে গায়ন-বায়নৰ লগতে জিলাখনৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে উষ্ম আদৰণি জনায় ৷ উদ্বোধনৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাক সংগ দিয়ে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জোনাইৰ বিধায়ক ভুৱন পেগুকে ধৰি কেইবাজনো বিধায়কে৷

লক্ষ্যণীয় যে ধেমাজি সদৰৰ পদ্মনাথ গোহাঞিবৰুৱা পথস্থিত পুৰণি বেচৰকাৰী বাছ আস্থানৰ নিচেই কাষতে প্ৰায় ৪৯ কোটি টকাৰে নিৰ্মিত  অত্যাধুনিক  সা-সুবিধাযুক্ত সংহত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়টি মুঠ ১২ বিঘা ভূমিত লোকনিৰ্মাণ বিভাগৰ গৃহ শাখাৰ তত্ত্বাৱধানত নিৰ্মিত হয়।

নৱনিৰ্মিত সংহত ধেমাজি আয়ুক্ত কাৰ্যালয়ত কেইবাটাও ব্লক থকাৰ বিপৰীতে কোঠা আছে  মুঠ ৭৫টা ৷ নিৰ্মাণকাৰী প্ৰতিষ্ঠান গণপতি কনষ্ট্ৰাকশ্বনে নিৰ্মাণ কৰা অত্যাধুনিক সা-সুবিধাযুক্ত এই নতুন সংহত আয়ুক্ত কাৰ্যালয়টিয়ে স্বাভাৱিকতে আজি বহুজনৰ দৃষ্টি আকৰ্ষণ কৰে ৷

নিয়মীয়া বাৰ্তা, ধেমাজি, ২৭ ফেব্ৰুৱাৰী 

You might also like