নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰ্টথ্ৰব জুবিন গার্গৰ দুই দেহৰক্ষীৰ বিৰুদ্ধে অভিযোগনামা দাখিল

প্রাণৰ শিল্পী জুবিন গার্গৰ দুই দেহৰক্ষী ক্রমে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে আজি বিশেষ আদালতত অভিযোগনামা দাখিল কৰে চিএম ভিজিলেন্সে৷ উল্লেখ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ পাছতে এছআইটিয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে চিএম ভিজিলেন্সে দুই দেহৰক্ষীৰ আয় বর্হিভূত সম্পত্তি সন্দর্ভত ২৮/২৫ আৰু ২৯/২৫ নম্বৰৰ দুটা গোচৰ ৰুজু কৰি তদন্ত চলাই নিছিল৷

তদন্তৰ শেষত আজি দুয়োজনৰ বিৰুদ্ধে পৃথকে দুখন অভিযোগনামা আদালতত দাখিল কৰা হয়৷ চিএম ভিজিলেন্সৰ সূত্রই সদৰী কৰা মতে, ধৃত নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে আয়তকৈ ৪০ শতাংশ অধিক পৰিমাণৰ সম্পত্তিৰ তথ্য লাভ কৰাৰ লগতে আনগৰাকী দেহৰক্ষী পৰেশ বৈশ্যৰ বিৰুদ্ধে আয়তকৈ ৩৪ শতাংশ সম্পত্তিৰ তথ্য লাভ কৰা হৈছে৷

জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ সৈতে লগ লাগি দুয়ো দেহৰক্ষীয়ে শিল্পীগৰাকীৰ ধন আত্মসাৎ কৰিছিল৷ সূত্রটোৱে জনোৱা মতে, মেনেজাৰ সিদ্ধার্থ শর্মাই দুই দেহৰক্ষীৰ জৰিয়তে জুবিন গার্গে বিভিন্নজনৰ পৰা পোৱা ধন সংগ্রহ কৰিছিল৷

তাৰ বিনিময়ত দুয়োজনকে কিছু শতাংশ কমিছনো আদায় দিছিল৷ এই ধনেৰেই চৰকাৰী চাকৰি কৰি থকাৰ পাছতো দুয়ো দেহৰক্ষীয়ে চাকৰিৰ ধন এপইচাও খৰচ নকৰাকৈ এক বিলাসী জীৱন যাপন কৰিছিল৷

জানিব পৰা মতে, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ১০০২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ লগতে পৰেশ বৈশ্যৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাখন মুঠ ৯৯৮ পৃষ্ঠাৰ৷

উল্লেখ্য যে জীৱিত অৱস্থাত একমাত্র ধন ঘটাৰ আহিলা ৰূপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল দুই দেহৰক্ষীয়ে!

ডিজিটেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী

You might also like