ঢেকীয়াজুলিৰ পৱিত্ৰ গুপ্তেশ্বৰ মন্দিৰত পূজা-অৰ্চনা আৰু সাষ্টাংগ প্ৰণিপাত জনাই আজি আৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’। “বাবাৰ আজ্ঞাৰে আজি আৰম্ভ কৰিছোঁ জন আশীৰ্বাদ যাত্ৰা” বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ঢেকীয়াজুলিৰ বৰছলাৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰা হয়। যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে গুপ্তেশ্বৰ মন্দিৰত মুখ্যমন্ত্ৰীয়ে পূজা-অৰ্চনা সম্পন্ন কৰি ৰাজ্যবাসীৰ মঙ্গল কামনা কৰে। মন্দিৰ প্ৰাঙ্গণ দেৱবাদ্য আৰু শংখধ্বনিত মুখৰ হৈ পৰে।
বিজেপিৰ এই ‘জন আশীৰ্বাদ যাত্ৰা’ৰ মূল লক্ষ্য হৈছে ৰাইজৰ মাজলৈ গৈ আশীৰ্বাদ বিচৰা আৰু চৰকাৰৰ উন্নয়নমূলক কাম-কাজ সম্বন্ধে অৱগত কৰা।
আজি এই যাত্ৰা ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ সমষ্টিলৈ আগবাঢ়িব। দলীয় কৰ্মী-সমৰ্থকৰ ব্যাপক উপস্থিতিত যাত্ৰাৰ শুভাৰম্ভ অনুষ্ঠান উছৱমুখৰ পৰিৱেশত সম্পন্ন হয়।
বিজেপিৰ নেতৃবৃন্দই কয় যে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন আৰু আগন্তুক লক্ষ্য পূৰণৰ বাবে ৰাইজৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰি এই যাত্ৰা গ্ৰহণ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী